গুৱাহাটী প্ৰেছ ক্লাবত ‘সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলিঃঅধ্যাপক ৰসেশ্বৰ শইকীয়া বৰবায়ন’ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলিঃঅধ্যাপক ৰসেশ্বৰ শইকীয়া বৰবায়ন’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-   নৃত্যগুৰু ৰসেশ্বৰ শইকীয়া বৰবায়ন স্মাৰক গ্ৰন্হ প্ৰণয়ন সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত “সত্ৰীয়া নৃত্যৰ সঁফুৰা মেলিঃঅধ্যাপক ৰসেশ্বৰ শইকীয়া বৰবায়ন’ গ্ৰন্থখন উন্মোচন কৰে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট গৱেষক ড° প্ৰদীপজ্যোতি মহন্তই৷মহন্তই ভাষণত কয়-সত্ৰীয়া নৃত্যকে ধৰি বিবিধ সত্ৰীয়া পৰম্পৰাক ৰাষ্ট্ৰীয় প্ৰকাশৰ স্তৰলৈ নিবলৈ থকা সংকল্পৰে ৰসেশ্বৰ শইকীয়া বৰবায়নে যেতিয়াই যি সুযোগ পাইছিল তাক গ্ৰহণ কৰাই নহয়,দেহে কেহে লাগি সম্ভৱপৰ সকলোখিনি কৰিছিল৷নৃত্যশিল্পী ঊষাৰাণী বৈশ্যই আঁত ধৰা সভাৰ প্ৰাৰম্ভণিতে ৰসেশ্বৰ শইকীয়া বৰবায়নৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাই৷সংগীত সত্ৰৰ প্ৰশিক্ষক গৌতম বায়নে বৰগীত পৰিৱেশন কৰা সভাত পৌৰোহিত্য কৰে সংগীত সত্ৰৰ সভাপতি স্বপ্ননীল বৰুৱাই৷সভাত প্ৰাক্তন সাংসদ অৰুণ শৰ্মা,বিশিষ্ট নৃত্যশিল্পী শাৰদী শইকীয়া,গোবিন্দ শইকীয়া,জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,বিশিষ্ট নৃত্যগুৰু ৰামকৃষ তালুকদাৰ,ভৰত শইকীয়া,খগেন শৰ্মা আদি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷সভাত অসম চৰকাৰে ৰসেশ্বৰ শইকীয়া বৰবায়নৰ নামত ৰাজ্যিক বঁটা ঘোষণা কৰাৰ বাবে দাবী জনায়৷সভাত সংগীত সত্ৰৰ ৰঞ্জুমণি শইকীয়া আৰু ৰিজুমণি শইকীয়া উপস্থিত থাকে৷উল্লেখ্য,নীৰেন কাকতিয়ে সম্পাদনা কৰা উক্ত গ্ৰন্থখন সংগীত সত্ৰই প্ৰকাশ কৰি উলিয়াই৷