গুৱাহাটী প্ৰেছ ক্লাবত শিশু সাহিত্য উত্তৰণৰ,গুৱাহাটী,অসমৰ সাতখনকৈ গ্ৰন্থ উন্মোচন

Pc Mahabahu.com

গুৱাহাটী প্ৰেছ ক্লাবত শিশু সাহিত্য উত্তৰণৰ,গুৱাহাটী,অসমৰ সাতখনকৈ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত আজি শিশু সাহিত্য উত্তৰণৰ দ্বাৰা প্ৰকাশিত ‘উত্তৰণৰ জীৱনী সঁফুৰা’ৰ অন্তৰ্গত পাচখনকৈ জীৱনী পুথি ক্ৰমে সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা (বীৰেন শৰ্মা), সুন্দৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা (বীণাপাণি গগৈ),কলাগুৰ বিষ্ণু ৰাভা(কুঞ্জ হাজৰিকা), বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ (অপৰ্ণা শইকীয়া দাস), মহিয়সী ফ্লোৰেন্স নাইটিংগেল (ৰবীন পাঠক) পুথিকেইখন উন্মোচনৰ লগতে উত্তৰণৰ অন্যতম দুগৰাকী সদস্যা ক্ৰমে ৰূপালী দাসৰ কাব্যগ্ৰন্থ ‘অনুৰণন’ আৰু থানেশ্বৰী কুৰ্মী গঞ্জুৰ ‘পদ্যত জ্ঞানৰ সঁফুৰা’ পুথি দুখনো উন্মোচিত হয়। অনুস্থানত উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখকদ্বয় যথাক্ৰমে ড৹ জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু সুৰেন্দ্ৰ লাউজাৰীদেৱ। এই অনুষ্ঠানতে শিশু সাহিত্য উত্তৰণৰ সক্ৰিয় সদস্য বীৰেন শৰ্মাক ‘উত্তৰণ জীৱন সঁফুৰা’ৰ অন্তৰ্গত এলানি পুথি প্ৰণয়নৰ বাবে আগবঢ়োৱা আৰ্থিক সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। উন্মোচকৰ লগতে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে উত্তৰণে চলাই অহা এনে নিৰন্তৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে। উল্লেখ্যযে অনুস্থানতে যোৱা ১২জুন তাৰিখে ধুবুৰীৰ চাপৰত অনুস্থিত হোৱা ‘ঠাইতে ৰং সনা’ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক এটিকৈ কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়। গীতমাত আৰু আবৃত্তিৰে উজ্জীৱিত এই অনুষ্ঠানটিৰ আঁত ধৰে ৰবীন পাঠকে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় উত্তৰণৰ প্ৰকাশন সচিব দিলীপ শৰ্মাই।