গুৱাহাটী প্ৰেছ ক্লাবত ইংৰাজী উপন্যাস ‘আনটল্ড’(Untold) উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ইংৰাজী উপন্যাস ‘আনটল্ড’(Untold) উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা দৰ্শনা বৰুৱা থমাচৰ ইংৰাজী উপন্যাস ‘আনটল্ড’(Untold) গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷সাংবাদি মৃনাল ঠাকুৰীয়াই আঁত ধৰা সভাত উক্ত গ্ৰন্থখন উন্মোচন কৰে কটন বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰিয়ে৷তেওঁ ভাষণত কয়- এখন গ্ৰন্হ পঢ়াৰ পাছত উক্ত গ্ৰন্থখনৰ বিষয়ে আনৰ মাজত আলোচনা হ’ব লাগে৷গ্ৰন্থই মানুহৰ মনৰ খোৰাক যোগায়৷লেখকে গ্ৰন্থৰ জৰিয়তে মনৰ ভাব প্ৰকাশ কৰে৷লেখিকা দৰ্শনা বৰুৱা থমাচে নিজৰ অনুভৱ ব্যক্ত কৰা সভাত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই ভাষণত কয়-প্ৰতিজন লেখকৰ লিখাৰ কৌশল বেলেগ বেলেগ৷আমি উপন্যাস বহুত লিখিছো কিন্তু উন্নত মানদন্দৰ লিখাৰ উপন্যাস কম৷উপন্যাস লিখাৰ অভাৱ নাই কিন্তু নিৰ্দিষ্ট বিষয়ৰ ওপৰত লিখাৰ অভাৱ দেখা যায়৷লিখাৰ বাবে সাধনা অতি প্ৰয়োজন৷ উপন্যাস লিখাটো সহজ নহয়৷লিখাটো কেতিয়াও বিলাসিতা হিচাপে লব নালাগে৷সাধনা হিচাপে লব লাগে৷সভাত প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদিকা বন্দনা বৰঠাকুৰ,প্ৰকাশক অবিনাশ শৰ্মা,লেখিকাৰ বৌয়েক মধুস্মিতা শইকীয়াই ভাষণ দিয়ে৷