গুৱাহাটী প্ৰেছ ক্লাৱত ’জীৱনৰ বাটত’ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত ’জীৱনৰ বাটত’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত লেখিকা চুফিয়া বেগমৰ ’জীৱনৰ বাটত’ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাবত অসম সাংস্কৃতিক মহাসভাৰ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই উন্মোচন কৰে৷তেওঁ উন্মোচন কৰি ভাষণত কয়- সাহিত্য,সংস্কৃতি,কলা অবিহনে সুস্থ মগজুৰ এজন ব্যক্তি হ’ব নোৱাৰে৷বৰ্তমান গ্ৰন্থ অধ্যয়ন কমি গৈছে৷গ্ৰন্থ অধ্যয়নৰ মাদকতা কেতিয়াও মোবাইলে দিব নোৱাৰে৷গ্ৰন্থত  পোৱা সকলো কথা মোবাইলত পোৱা নাযায়৷মাতৃভাষা মাতৃ দুগ্ধৰ দৰে৷প্ৰকাশক অবিনাশ শৰ্মাই আঁত ধৰা সভাত ৰে’লৱে আৰক্ষীৰ ডি আই জি আবু চুফিয়ান,বিশিষ্ট কবি দেৱ প্ৰসাদ তালুকদাৰ,লেখিকা চুফিয়া বেগম আদি কেইবাজনো ব্যক্তিয়ে ভাষণ দিয়ে৷