গুৱাহাটী খানাপাৰাত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰাইজমানি টেনিছ টুৰ্ণামেণ্ট
গুৱাহাটী ,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব ভাৰতত পোন প্ৰথম বাৰৰ বাবে লক্সৰাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰাইজমানি টেনিছ টুৰ্ণামেণ্ট প্ৰতিযোগিতা অহা ২৩-২৭ জানুৱাৰীত অনুষ্ঠিত হ’ব । গুৱাহাটী খানাপাৰা গনেশ মন্দিৰৰ কাষত থকা খানাপাৰা লং টেনিছ একাডেমী চমুকৈ কেএলটিএ উত্তৰ পূৰ্বাঞ্চলৰ ১ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খন পৰিচালনা কৰিব অল ইণ্ডিয়া টেনিছ এছচিয়েছনে। ভাৰতৰ প্ৰায় ১৭ খন ৰাজ্যৰ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব। খানাপাৰা লং টেনিছ একাডেমীৰ সঞ্চালক ডা০ নিতু কুমাৰ দাসে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক খেল বিজ্ঞপ্তিত উল্লেখ কৰা মতে মুল ট্ৰৰনামেন্টখন ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব যদিও ইয়াৰ আগতে যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা ২০-২২ জানুৱাৰীত অনুষ্ঠিত হ’ব । যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাৰ পৰা মুঠ ৩২ জন বছা বছা খেলুৱৈক নিৰ্বাচিত কৰি মুল প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব । ইতিমধ্যে ৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্ট দিবা আৰু নৈশ ভিত্তিত খেলাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ সাজু কৰি তোলা হৈছে। বিজয়ী সকলৰ মাজত এক লাখ টকাৰ প্ৰাইজমানি আৰু প্ৰশস্তি পত্ৰৰ লগতে খেল সম্পৰ্কীয় আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব । তদুপৰি খেলুৱৈ সকলে এই প্ৰতিযোগিতাৰ সহায়ত নেশ্যনেল ৰেংকিং উন্নত কৰাৰ সকলো সুবিধা লাভ কৰিব। ২৩ জানুৱাৰী পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খন উদ্বোধন কৰা হ’ব বুলি খানাপাৰা লং টেনিছ একাডেমীৰ সঞ্চালকে জানিবলৈ দিছে। পুৱা ৮ বজাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে সকলো সাংবাদিকৰ উপস্থিতি একান্ত ভাৱে কামনা কৰা হৈছে।