গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কমল কিশোৰ গোস্বামীৰ মৃত্যু

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কমল কিশোৰ গোস্বামীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা গুৱাহাটী উকীল সন্থাৰ এগৰাকী সক্ৰিয়  সদস্য,কবি লগতে শিল্পী কমল কিশোৰ গোস্বামীৰ  মৃত্যু হয় ।হৃদৰোগত  আক্ৰান্ত হৈ মৃত্যু হয় অধিবক্তাগৰাকীৰ।গুৱাহাটী চানমাৰিৰ বাসিন্দা অধিবক্তা গৰাকীৰ অকাল মৃত্যুত মৰ্মাহত হৈ পৰে অধিবক্তা সমাজ ।উল্লেখ্য যে যোৱা ২০১৭-১৮ বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুথিভঁৰাল সম্পাদকৰ দায়িত্বত আছিল অধিবক্তা গৰাকী।তাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপৰিও অভিনয় জগতৰ লগতো জড়িত আছিল।নাটগোষ্ঠী ‘নটসূৰ্য’ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।আনহাতে সদৌ অসম উকীল সন্থাৰ এগৰাকী নিষ্ঠাবান সদস্য আছিল প্ৰয়াত অধিবক্তা গোস্বামী ।৪৩ বছৰ বয়সতে অকাল মৃত্যুক সাবটি লোৱা অধিবক্তা গৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে সদৌ অসম উকীল সন্থা,গুৱাহাটী উকীল সন্থাৰ লগতে শিল্পীসমাজে। গুৱাহাটী উকীল সন্থাৰ চৌহদত অধিবক্তা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম উকীল সন্থা,গুৱাহাটী উকীল সন্থাৰ সমূহ বিষয়-ববীয়া তথা সদস্যই।মৃত্যুৰ সময়ত পত্নীৰ লগতে এটি কণমানি সন্তানক এৰি যায় অধিবক্তা গৰাকীয়ে । নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় অধিবক্তা গৰাকীৰ।