গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহত বৃদ্ধি পাইছে ৱেৰহাউছৰ সংখ্যা

pc Chain Store Age

 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহত বৃদ্ধি পাইছে ৱেৰহাউছৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা – গুৱাহাটীত বিভিন্ন প্রতিষ্ঠান ব্যৱসায়িক কাম-কাজ সম্প্ৰসাৰণৰ বাবে আগবাঢ়ি আহিছে। বৃদ্ধি পাইছে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহত ৱেৰহাউছৰ সংখ্যা। নাইট ফ্ৰেংক ইণ্ডিয়াৰ ভাৰতৰ ৱেৰহাউছিং বজাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি গুৱাহাটীৰ উপকণ্ঠীয় অঞ্চল চাংসাৰি, ৰামপুৰ আদি অঞ্চলত ৱেৰহাউছ স্থাপন অথবা লীজত লোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে বিভিন্ন প্রতিষ্ঠানে। বিশেষকৈ ফার্মাচিইউটিকে, এফএমচিজি, এফএমচিডি আৰু ই বাণিজ্য প্রতিষ্ঠানসমূহে এই অঞ্চলসমূহত স্থাপন কৰিছে ৱেৰহাউছ। এই অঞ্চলসমূহত যথেষ্ট মুকলি স্থান আৰু সুচল যোগাযোগ ব্যৱস্থা থকাৰ বাবে ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ বাবে পচন্দৰ স্থান হিচাপে বিবেচিত হৈছে। বিশেষকৈ গুৱাহাটী বিমান বন্দৰৰ সমীপত আজাৰা, পলাশবাৰী আদি অঞ্চলত চলিত বৰ্ষত ৱেৰহাউছ স্থাপনৰ সংখ্যা অত্যন্ত আশাব্যঞ্জক। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষত গুৱাহাটীৰ ৱেৰহাউছিং লেনদেন ১৪ শতাংশলৈ বৃদ্ধি পাইছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ শ্বিলং, ইম্ফল, আইজল আদিলৈ গুৱাহাটীৰ পৰা সেৱা আগবঢ়াবলৈ সুবিধাজনক হোৱাৰ বাবে এই প্রতিষ্ঠানসমূহে গুৱাহাটীত ৱেৰহাউছ স্থাপন অথবা লীজত ল’বলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত নাইট ফ্রেংক ইণ্ডিয়াৰ কলকাতাৰ শাখা সঞ্চালক স্বপন দত্তই কয় যে যোগাযোগ আৰু আন্তঃগাঁথনি ব্যৱস্থাৰ উন্নয়নে উত্তৰ-পূৰ্বাঞ্চলক ব্যৱসায়িক হাবলৈ পৰিণত কৰিছে।