গুৱাহাটী আলোচনা চক্ৰৰ ৮০৯সংখ্যক বৈঠকত মুখ্য অতিথিৰূপে উপস্থিত কনক সেন ডেকা

pc Northeast Now

গুৱাহাটী আলোচনা চক্ৰৰ ৮০৯সংখ্যক বৈঠকত মুখ্য অতিথিৰূপে উপস্থিত কনক সেন ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা – জেষ্ঠ সাংবাদিক তথা অসম সাহিত্য় সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা শাৰদীয় বৈঠকৰূপে অনুষ্ঠিত হোৱা গুৱাহাটী আলোচনা চক্ৰৰ ৮০৯সংখ্যক বৈঠকত মুখ্য অতিথিৰূপে উপস্থিত থাকে। এই সভাত সভাপতিত্ব কৰে কনক চন্দ্ৰ শৰ্মাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই এটি ব্যক্তিগত পুথিভঁৰাল উন্মোচন কৰে। ডেকাই কয় যে অর্থনৈতিক দৰ্শনৰ ক্ষেত্ৰত পৃথিৱী কঁপোৱা ‘ডাছ কেপিটেল’ গ্ৰন্থখন বিখ্যাত দর্শনিক কার্লমার্ক্সে ব্ৰিটিছ মিউজিয়ামৰ ব্ৰিটিছ লাইব্ৰেৰীত বহি বহিয়েই লিখিছিল আৰু তেওঁৰ জীৱনৰ শেষৰ ফালে তাতেই তেওঁ অধিক সময় অতিবাহিত কৰিছিল। পুথিভঁৰালৰ যোগেদি বিভিন্ন বৌদ্ধিক দিশ মুকলি হোৱাৰ কথা উল্লেখ কৰি প্ৰসংগক্রমে তেওঁ ড° ভূপেন হাজৰিকাৰ সংগীত আৰু কাব্যৰ প্ৰতিভাই বিশ্বৰ নোৱেল লৰেট সাহিত্যিককো কেনেকৈ আকৃষ্ট কৰাত তেওঁৰ প্ৰতিভাৰ শ্ৰেষ্ঠত্ব স্বীকাৰ কৰিছিল সেই বিষয়ে সোঁৱৰণ কৰি মনোগ্রাহী চমু উন্মোচনী ভাষণ দিয়ে। এই বৈঠকত আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ড° দয়ানন্দ পাঠকে শাৰদীয় সাহিত্য সম্পর্কে এটি চমু তথ্যপূৰ্ণভাৱে প্ৰদান কৰা বক্তৃতাত শ্ৰী শংকৰদেৱৰ শৰৎ বর্ণনা, ৰাসৰ শাৰদীয় চিত্ৰ আৰু ৰামায়ণত বৰ্ণিত শৰৎ কালৰ প্ৰসংগৰ পৰা পাশ্চাত্যৰ কবি জন কীটছৰ ‘Odes To Autumn’ বিখ্যাত শৰৎ কবিতাৰ প্ৰসংগলৈকে আকর্ষণীয়ভাৱে আলোচনা অগবঢ়ায়।