গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

pc the janambhumi

গুৱাহাটীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰৰ ৰাজপথত ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ’ল আৰু ডিজেল চালিত বাছ৷আনকি সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰিব ৰাজ্যৰ পৰিবহন বিভাগে৷ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে৷বিটিচিৰ কোকলাবাৰীত পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে,”গুৱাহাটী মহানগৰৰ ৰাজপথত চলিব বিদ্যুত চালিত বাছ৷সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাছ চলি আছে৷অচিৰেই গুৱাহাটী মহানগৰলৈ আহিব দুশখন বিদ্যুত চালিত বাছ৷এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাছ।প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে বাছসমূহ চিএচজি নাইবা বিদ্যুত চালিত কৰিব লাগিব৷” উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে বাছসমূহ বিদ্যুত চালিত কৰা হ’ব বুলিও তেওঁ কয়৷