গুৱাহাটীৰ বিবেকানন্দ কলাকেন্দ্ৰত সীতাৰাম য়েচুৰীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- চি পি আই (এম)ৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ইচফাকুৰ ৰহমানৰ সভাপতিত্বত বিবেকানন্দ কলাকেন্দ্ৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি সভা। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই শোক প্ৰস্তাৱ উত্থাপন কৰে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। সভাত পাৰ্টিৰ জ্যেষ্ঠ নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, প্ৰাক্তন বিধায়ক তথা চি পি আই দলৰ জ্যেষ্ঠ নেতা মুনীন মহন্ত, কংগ্ৰেছ দলৰ গুণ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, চি পি আই (এম-এল) দলৰ পংকজ কুমাৰ দাস আৰু ৰাইজৰ দলৰ ৰাছেল হুছেইনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে কমৰেড য়েচুৰীৰ কৰ্মৰাজী সম্পৰ্কত বক্তব্য ৰাখে।