গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা- সৌৰভ কুমাৰ দাস

Pc Down to Earth

গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা

সৌৰভ কুমাৰ দাস

গুৱাহাটীৰ কেউদিশে বানৰ কল্লোল। আগতে নেদেখা সৰ্বকালৰ অভিলেখ ভংগ কৰা এইবাৰৰ বান। মানৱ সম্পদৰ লগতে অনেক আর্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক দুৰুলা কৰিছে। এই বানৰ বাবে ব্যক্তি বিশেষে আৰু ৰাইজনৈতিক দলবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গুৱাহাটী পৌৰ নিগম, স্থানীয় বিধায়ক, মন্ত্ৰী আৰু চৰকাৰক। এওঁলোকৰ মতে চৰকাৰেহে বানপানীৰ সৃষ্টি কৰিছে বা বানপানীৰ বাবে চৰকাৰ দায়ী। যদি সেয়ে হয়, তেন্তে ক’ব লাগিব আগৰ অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰো তাৰ বাবে দায়ী। আজি বিপক্ষত বহি চিঞৰ বাখৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰাৰ যি নিৰ্লজ্য প্ৰয়াস তাক এবাৰ ভাবি চাওঁকচোন তেওঁলোকৰ শাসন কালতো যে বানপানীয়ে গুৱাহাটী বাসীক জ্বা ক’লা খুৱাইছিল।

গুৱাহাটীৰ বান সমস্যৰ বাবে যিদৰে চৰকাৰী যন্ত্ৰবোৰ দায়ী, ঠিক তেনেদৰে আমি নাগৰিকবোৰো কম দায়ী নহয়। আমাৰ আত্মকেন্দ্রিক স্বভাৱ আৰু স্বাৰ্থপৰতাও তাৰ বাবে দায়ী। প্রকৃতিক ৰক্ষা কৰি আমি কিমান জনে ঘৰ বনাইছো ? প্ৰকৃতিৰ বিৰুদ্ধে যুঁজিবলৈ গলে ধ্বংস অনিবার্য। আজি সেইটোৱেই হৈছে। প্ৰকৃতিক যদি প্ৰকৃতিৰ মতে চলিবলৈ দিলোহেতেন, আজি গুৱাহাটীৰ এই দুৰৱস্থা নহ’ল হেতেন। হাজাৰ বছৰ আগতে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাই দেখোৱাই যোৱা আদৰ্শ নগৰ প্ৰণালীক তিলমানো অনুকৰণ কৰিবলৈ সক্ষম নহ’লো।

এতিয়া কোনেও কাকো সমালোচনা কৰাৰ সময় নহয়। গুৱাহাটীৰ বানপানীৰ সমস্যা কোনো চৰকাৰে সমাধান কৰিব নোৱাৰে। কাৰণ –

১) চানমাৰিৰ পৰা গনেশগুৰিলৈ তাহানি কেবল চিৰিয়াখানা আৰু তাৰ বিপৰীতে বৰফ বনোৱা ফেক্টৰীটোৰ বাহিৰে দুয়োফালে কেৱল জলাশয় আছিল।

২) গনেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া, কাহিলীপাৰা, সৰুসজাই, বেতকুছি, বাগাঁও, গড়চুক উন্মুক্ত খেতিপথাৰ আছিল।

৩) নাৰেঙ্গীৰ ওচৰৰ বৰবাৰীৰ পৰা চচলহৈ ছামাইললৈ কেৱল ধানখেতি কৰা পথাৰ আৰু পিতনি আছিল। VIP Road টো নাছিল। বৰবাৰীৰ পৰা হেঙেৰাবাৰীলৈ শিল-মাটিৰ লুংলুডীয়া কেচা পথ আছিল। পাহাৰৰ কাষে কাষে কাৰ্বি, বড়ো জনগোষ্ঠীৰ লোক সকলৰ বসতিস্থল আছিল। পথটোৰ তলফালে (দক্ষিণে) বিশাল খেতি পথাৰৰ বাদে জনবসতি নাছিল। আনকি Down Town ৰ পিছফালে বৃহত্তৰ অঞ্চল কেৱল পথাৰ-জলাশয় আছিল।

8) গুৱাহাটীৰ পূব দিশে বিস্তীৰ্ণ আৰু বিশাল শিলসাঁকো বিল পুতি এতিয়া শেষ অৱস্থা। চাৰিওফালে অবৈধ দখল। হেঙেৱাবাৰীৰ পৰা পাব্লিক হেলথহৈ গনেশগুৰিলৈ গোটেইখন জলাশয় আৰু পথাৰ আছিল।

৫ )  নুনমাটিৰ মথঘৰীয়াৰ পৰা গীতানগৰহৈ জুৰোড তিনিআলিলৈকে বিস্তীর্ণ অঞ্চল জলাশয় আৰু খেতি পথাৰেৰে আবৃত্ত আছিল।

৬) ৰাজগড় ৰোডৰ চানমাৰিৰ পৰা ভঙাগড়লৈ দুয়োফালে বহল খাৱৈ আছিল।

৭ ) খৃষ্টান বস্তিৰ পৰা ভঙাগড়লৈ ৰাস্তাৰ দুয়োফালে পানী মেটেকাৰে ভৰা পিতনি আছিল।

৮) ভঙাগড় চাৰিআলিৰ পাহাৰৰ ওপৰত থকা মেডিকেললৈ ঠেক আৰু কিবাকৈ দুখন গাড়ী অতিক্ৰম কৰিব পৰা সৰু ৰাস্তা আছিল। দুয়োফালে বিল আকাৰৰ পানী মেটেকাৰে ভৰা বৃহৎ পিটনি আছিল। বাৰিষাৰ পানী ধৰি ৰাখিব পৰা এই বৃহৎ পিটনিৰ ওপৰতে এতিয়া বিশাল মেডিকেল কলেজ হস্পাতাল আৰু বাওঁদিশে (পশ্চিমে) নতুনকৈ সৃষ্টি হোৱা Super Speciality আৰু কেঞ্চাৰ হাস্পাতাল।

৯) শ্ৰীনগৰ, তরুণ নগৰকে সামৰি বৃহৎ অঞ্চলটো কেবল জলাশয় আছিল।

১০)  চানমাৰিৰ পৰা গান্ধীবস্তি হৈ গুৱাহাটী বেইল ষ্টেচনৰ প্ৰায় কাষলৈ দুয়োফালে দ জলাশয় আছিল।

১১)  শান্তিপুৰৰ পৰা ভূতনাথ, দুর্গাসৰোবৰ হৈ কামাখ্যা গেটৰ ৰেইল লাইনৰ বাওঁফালে (দক্ষিণ দিশ) দ মেটেকাৰে পৰিপূৰ্ণ বিশাল বিল আৰু বৃহৎ পুখুৰীও আছিল।

১২) মালিগাঁওৰ কাষতে থকা গোটানগৰ, পদুমবড়ী অঞ্চলত বৃহৎ খেতি পথাৰ আছিল।

১৩) কামাখ্যা বেইল ষ্টেচনৰ পিছফালে (কেন্দ্ৰীয় বিদ্যালয়ৰ পিছফালে থকা কেইবা বর্গ কিলোমিটাৰ এখন ডাঙৰ বিল আছিল।

১৪) জালুকবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোটানগৰ, তেতেলীয়, দীপৰ বিলৰ এটি বৃহৎ অংশ, বিশিষ্টলৈকে কেৱল খেতি পথাৰ আছিল।

১৫) বেলতলাত ৰাণীৰ ঘৰৰ কাষত মুষ্টিমেয় কেইঘৰমান মানুহৰ বাহিৰে বাকী অঞ্চল খেতি পথাৰ আছিল।

১৬)  মালিগাঁওৰ বড়িপাৰাৰ পৰা জালুকবাৰীৰ ৰেইল লাইনৰ কাষলৈকে মছজিদটো আৰু কেইঘৰমান মানুহক বাদ দি গোটেইখিনি পানী মেটেকাৰে ভৰা পিটনি আছিল।

১৭)  বৰ্তমানৰ আদাবাৰী বাছ আস্থানটো স্থাপন কৰাৰ আগতে সেই অঞ্চলটো বহু অঞ্চল জুৰি বিল আছিল। বাৰিষাৰ পানী গৈ তাত জমা হৈছিল। প্ৰথম অৱস্থাত আস্থানটি গুৱাহাটীৰ ভিতৰতে এটি সুন্দৰ আৰু জাকত জিলিকাকৈ সজাই পৰাই নিৰ্মাণ কৰিছিল। আমাৰ সচেতনতা আৰু স্বভাৱৰ দুখত এতিয়া জঘন্য আৰু কদর্যময়। এতিয়া অসৎ মানুহৰ আদ্দা, চুৰ, ঠগ প্ৰৱন্ধকৰ ঘাটিত পৰিণত হৈছে।

১৮) জালুকবাৰীৰ চাৰিআলিত যেতিয়া উৰণীয়া সেতু নাছিল, তেতিয়া তাৰ কাষতেই অসম আৰ্হিৰ ঘৰৰ পুলিচ থানাখন আছিল। তাৰ পিছফালৰ পৰা গোটেইখন দ খেতি পথাৰ আছিল। শৰাইঘাট দলগুলৈ যোৱা পথটোৰ সোফালে দ খাৱৈ আছিল য’ত বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (দাস)ৰ অসম আৰ্হিৰ ঘৰ আৰু ২/১ ঘৰ মানুহৰ বাহিৰে কোনো নাছিল। অজন্তা নেওগ (দাস)ৰ দেউতাক প্ৰয়াত চচধৰ দাস আৰু মাতৃ ৰেৱতী দাস এই সমষ্টিৰ এম. এল. এ. আছিল। বিশাল খেতিপথাৰৰ সৈতে মৰাসুঁতিটো পুটি তাত মহানগৰলৈ পানী যোগানৰ Plant বহোৱা হৈছে।

১৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষত দুটি বিশাল পুখুৰী আছিল। তাক আমি ফিচাৰী বুলি কৈছিলো। উৰণীয়া সেতু নিৰ্মাণ কৰি পুখুৰী দুটা পুটি পেলোৱা হ’ল। সমাধিক্ষেত্ৰৰ ৰাস্তাৰ কাষৰ পশ্চিম কোণৰ পোষ্ট অফিচৰ পৰা (এতিয়া ভাঙি পেলোৱা হৈছে) অতিথিশালাৰ বিপৰীত দিশত থকা ঘৰবোৰৰ প্ৰত্যেকৰে সন্মুখত একোটিকে পুখুৰী আছিল। তাত বাৰিষাৰ পানীবোৰ গৈ পৰিছিল। বিশ্ববিদ্যালয়ৰ মাৰ্কেটখনৰ পিছপালে দুটামান হোষ্টেলৰ বাদে গোটেইখন খেতিপথাৰ আছিল। বাৰিষাৰ পানী এই পথাৰেদি গৈ ব্ৰহ্মপুত্ৰৰ কাষৰ মৰাসুঁতিটোত পৰিছিলগৈ। এতিয়া সেই পথাৰ-বিল পুটি ৰাষ্ট্ৰীয় ঘাইপত (বাইপাছ) নিৰ্মাণ কৰা হ’ল। বাৰিষাৰ পানী ওলাই যোৱাত বাধাৰ প্ৰাচীৰ হ’ল।

২০)  ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলংৰ উত্তৰে বাওঁদিশে (পুৱে) আমিনগাঁওৰ গোটেই অঞ্চলটো বিস্তীর্ণ এলেকা দ পিটনিৰ বাদে একো নাছিল। পশ্চিম দিশে তলত এখন আশ্ৰম আৰু এখন শ্মশান আৰু নিশা হ’লে এন্ধাৰ আৰু ভয়াল ঠাই আছিল।

এতিয়া এইবোৰৰ অস্তিত্ব নাই। বিল, পিটনিৰ ঠাইত উদ্যোগ, অট্টালিকা। আজি উপৰোক্ত প্ৰতিটো অঞ্চলৰ আগৰ অস্তিত্ব নাই। কতো খালীঠাই নাই। কেৱল জন অরণ্য সকলো পুতি পেলোৱা হ’ল। অপৰিকল্পনা, দুৰদৰ্শীতাহীন ভাৱে ঘৰ সজা হ’ল। ৰাস্তা কিমান বহল হ’ব, নলাৰ বাবে কিমান বহলকৈ মাটি এৰি দিয়া হ’ব তাৰ কোনো পৰিকল্পনা নেহোৱাকৈ পৌৰ নিগমে ঘৰ বনোৱাৰ অনুমতি দিলে

এতিয়া নলাবোৰ পানী যাবলৈ বনোৱা নহয়। কেৱল জাৱৰ প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে ব্যৱহাৰ হয়। ভাবি চাওকচোন, গোটেই গুৱাহাটীৰ বাৰিষাৰ পানী এসময়ত সুন্দৰকৈ গৈ দীপৰ বিলত পৰিছিল। আজি কোনে বাধা দিছে? আমিবোৰেই নহয় জানো? সেয়ে কওঁ, গুৱাহাটীৰ বানপানীৰ জটিল সমস্যা কংগ্ৰেছ চৰকাৰেই হওঁক, অগপ চৰকাৰেই হওঁক, ভাজপা চৰকাৰেই হওঁক বা ভবিষ্যতে কোনো নতুন দলৰ চৰকাৰ আহক কোনেও সমাধান কৰিব নোৱাৰে, কাৰণ চৰকাৰৰ অনমতি সাপেক্ষে মিয়াদী মাটিত সজা ঘৰ, অট্টালিকা, উদ্যোগ, ব্যৱসায়, শিক্ষানুষ্ঠানবোৰ জানো উচ্ছেদ কৰিব পাৰিব? নিশ্চয় কোনো চৰকাৰে নোৱাৰে।

একমাত্র উপায়-কলকাতা মহানগৰৰ দৰে গুৱাহাটীৰ প্ৰতিটো পথৰ তলত বৃহত RCC ৰ Drain বনাই ওপৰটো ধালাই কৰি পানী সৰকিব পৰা চাকনি লগাই দি নলাবোৰ সংলগ্ন কৰি ভৰলু-শিলসাঁকোৰ (এইখন বোন্দাৰ শ্বুইচ গেটেৰে ব্ৰহ্মপুত্ৰতলৈকে) সৈতে সংযোগ কৰক। ভৰলু-শিলসাঁকো আৰু বাহিনী নৈৰ দুয়োফালৰ অবৈধ দখল উচ্ছেদ কৰি প্ৰয়োজন হ’লে ম্যাদী মাটি হ’লেও উপযুক্ত ক্ষতিপূৰ্ণ দি চৰকাৰে ক্ৰয় কৰি তিনিগুণ বহন আৰু দকৈ খান্দি শুইচ গেটেৰে বিশাল পাম্প ব্যৱহাৰ কৰি সিচি ব্ৰহ্মপুত্ৰত পেলাওঁক। বৰিপাৰাৰ উৰণীয়া সেতুৰ তলৰ পৰা পাণ্ডুৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষলৈ যোৱা পুৰণি ৰেইল পথটো আৰু উজানবজাৰৰ পুৰণি ৰেইল যোৱা পথটোৰ মাটি খিনিৰ তলেৰে গভীৰ আৰু বিশাল পকী নলা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰিলে (ইয়াত শ্লুইচ গেট থাকিব লাগিব) কৃত্রিম বানৰ পৰা বহুখিনি সকাহ পোৱা যাব।

প্রয়োজন হ’লে গুৱাহাটীৰ IIT ৰ বিশেষজ্ঞৰ সহায় লওক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান অসম চৰকাৰৰ অধীনত কাম কৰা অভিযন্তা সকলৰ Skill ক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাওক। গুৱাহাটী বানপানীৰ সমস্যাটোৰ উপৰোক্ত সমাধানটি অতি ব্যয়বহুল। ৰাইজৰ কৰ কাটল বা চৰকাৰৰ ৰেভিনিউৰে সম্ভৱ নহয়। বিশ্ব বেংক, এছিয়ান ডেভেলপমেন্ট বেংক অথবা কেন্দ্ৰীয় চৰকাৰৰ পুজিৰ সহযোগত এই দীর্ঘম্যাদী সমস্যাটি চিৰদিনলৈ সমাধান হ’ব বুলি ভাবো।

বিঃদ্রঃ উপৰোক্ত অঞ্চলৰ বাহিৰে গুৱাহাটীৰ তেনেকুৱা বহু অঞ্চল আছে, সংক্ষেপতে উল্লেখ কৰা সম্ভৱ নহয়। আন সদাশয় ব্যক্তিয়ে উল্লেখ কৰিলে আমিও নজনা কথাৰ সম্ভের পাম। এই জটিল সমস্যাটোক বৰ্তমান সময়ত কোনেও ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱা উচিত নহয়। অতীতৰ ভুল খুচৰি থাকিলে বৰ্তমানৰ সমস্যাৰ সমাধান নহয়।।