গুৱাহাটীৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা

আকৌ আৰম্ভ কনটেইনমেণ্ট জন’ৰ খেলা, গুৱাহাটীৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন৷কণ্টেইনমেণ্ট জ’ন ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।ৰূপনগৰত থকা স্বতন্ত্ৰ সেনানি ভৱনত আছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ কাৰ্য়ালয়।এই কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯।৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এই অঞ্চলটোত।উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।