গুৱাহাটীৰ একাংশ শিক্ষিত লোক কোভিড টেষ্ট কৰাৰ  বাবে আগ্রহী নহয়

EastMojo

বাৰ্ত্তাসেৱা – ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দলসমূহে গুৱাহাটী মহানগৰীৰ চহৰ আৰু গ্ৰামাঞ্চলত ঘৰে ঘৰে গৈ শেহতীয়াভাৱে ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপ সঁচাকৈয়ে আদৰণীয় বুলি ইতিমধ্যে সকলোৱে মতপোষণ কৰিছে। কিয়নো এনে পদক্ষেপত বিশেষকৈ ৰাজধানী মহানগৰী গুৱাহাটীবাসী জনতা যথেষ্ট উপকৃত হ’ব। উল্লেখনীয় যে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপক গুৱাহাটী মহানগৰীৰ একাংশ শিক্ষিত লোকে নস্যাৎ কৰি ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে।

            শেহতীয়াভাৱে পোৱা তথ্য অনুসৰি, স্বাস্থ্য বিভাগৰ দল এটাই ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখৰ কেহেৰুবাৰীত এক অভিযান আৰম্ভ কৰে। এই অঞ্চলটো সহস্ৰাধিক লোক বাস কৰে, কিন্তু অতি পৰিতাপৰ বিষয় যে স্বাস্থ্য বিভাগৰ দলটোৱে মাত্র ৯০ জন লোকৰহে ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ সক্ষম হয়। কিয়নো উক্ত অঞ্চলৰ জনসাধাৰণে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি দুৱাৰ-খিৰিকী মাৰি নিজ গৃহতে সোমাই থাকে। পৰিতাপৰ কথা এই যে যদি শিক্ষিত লোকসকলেই এই বিষয়ত সজাগ নহয় তেন্তে কোভিড-১৯ৰ ভয়াৱহতা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কেনে ধৰণৰ সজাগতা অৱলম্বন কৰিব, সেই সন্দৰ্ভত এক তাৎপর্যপূর্ণ প্ৰশ্নৰ উদয় হৈছে।