গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ শুভাৰম্ভ

গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘আমাৰ দেশৰ এথলীট সকলৰ এতিয়া লক্ষ্য হ’ব লাগে ২০২৪অলিম্পিক’ অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত আজিৰে পৰা আৰম্ভ হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা শুভ উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই শক্তিমন্ত্ৰী নন্দিতা গাৰলোচাই।আজিৰে পৰা ১৫নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশগ্ৰহন কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোতেই ২গৰাকী খেলুৱৈয়ে গঢ়া নতুন ৰাষ্ট্ৰীয় অভিলেখে সকলোকে উৎসাহিত কৰি ৰাখে। আজি অনুষ্ঠিত ল’ৰাৰ ১৬বছৰ অনুৰ্ধ্ব শাখাত ডিচকাছ থ্ৰ’ত ৫৭.০১ মিটাৰ দলিয়াই পূৰ্বৰ অভিলেখ ভংগৰে নতুন অভিলেখ গঢ়ে পাঞ্জাৱৰ দেবাঞ্চ জাগ্গাই।পূৰ্বে ২০২১ চনত গুৱাহাটীতে ৰামনাৰায়ন মৌৰয়াই ৫৩.১৭ মিটাৰ দলিয়াই অভিলেখ স্থাপন কৰিছিল।ডিচকাছৰ লগতে লং জাম্পৰ ছোৱালীৰ অনুৰ্দ্ধ-২০ বছৰ শাখাত ৬.৩৮ মিটাৰ জাম্পেৰে নতুন মীট ৰেকৰ্ড স্থাপন কৰিলে উত্তৰ প্ৰদেশৰ ছেইলী সিঙে।আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী,অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী,অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী,অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা,প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুননিছা, গুৱাহাটী ছাইৰ উপ সঞ্চালক প্ৰানজিত ভাগৱতী,ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ টেকনিকেল ছেয়াৰমেন ষ্টেনলি জনছৰ লগতে বহু গন্য-মান্য ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ পিছতেই প্ৰথদিনটোৰ পদক বিজয়ী খেলুৱৈ সকলক আমন্ত্ৰিত অতিথি সকলে পদকসমূহ প্ৰদান কৰে ।১৪,১৬,১৮,২০ অনুৰ্ধ্ব বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১১৮৮জন ল’ৰা আৰু ৯২৫গৰাকী ছোৱালী খেলুৱৈ অংশগ্ৰহন কৰিছে।