গুৱাহাটীত যশস্বী কবি, সাহিত্যিক ৰমেন কলিতাক সম্বৰ্দ্ধনা

গুৱাহাটীত যশস্বী কবি, সাহিত্যিক ৰমেন কলিতাক সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ যশস্বী কবি, সাহিত্যিক, অসম কবি সমাজৰ ভূতপূৰ্ব সভাপতি, কামৰূপ জিলা সাহিত্য সভা (অবিভক্ত) ৰ প্ৰাক্তন সভাপতি ৰমেন কলিতাক আজি মহানগৰীৰ বেলতলা- চাৰ্ভেস্থিত নিজ বাসভৱনত “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ফুলাম গামোচা, চেলেং চাদৰ, কলম, গ্ৰন্থৰ টোপোলা আদিৰে সম্ভাষণ জনোৱা হয় । পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সম্বৰ্দ্ধনা সভাত অংশ লৈ প্ৰবীণ কবি-সাহিত্যিক নিশুতি মজুমদাৰে কয়- ” ৰমেন কলিতা এজন বিশাল মনৰ অধিকাৰী । নিহংকাৰী ব্যক্তি । তেওঁ সমাজ সচেতন কবি । আবেগৰ ধলত উটি নগৈ কম কথাৰে কবিতা অংকণ কৰে ।” অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “হাঁহিৰে মানুহ জীয়াই থাকিব পাৰি । দুৰ্বোধ্যতাৰ পৰা পৰা আঁতৰত থাকিব লাগে । ৬০ ৰ দশকৰ পৰা অসমীয়া কাব্য চৰ্চা কৰা ৰমেন কলিতাৰ চিন্তা সাগৰ সম ।” অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, কবি- গীতিকাৰ শচীন দাসে কয়- “মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগে । ক্ষন্তেকৰ বাবে ধৰিত্ৰীলৈ আহে । সৰল-সহজ ধৰণেৰে ৰাইজৰ স’তে সহবাস কৰিব লাগে । বাৰিষাৰ নদী আৰু খৰালীৰ নদীৰ দৰে মানুহৰ জীৱনটো । প্ৰতিজন মানুহ যোগাত্মক চিন্তাৰে আগুৱাব লাগে ।” সভাত বিশিষ্টা লেখিকা, অনুবাদক সুস্মিতা মজুমদাৰেও বক্তব্য দাঙি ধৰে । সাংবাদিক দীপক শৰ্মাই কয়- “ৰমেন কলিতা এজন বটবৃক্ষ । সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তিত্ব” । সম্বৰ্দ্ধনা গ্ৰহণ কৰি কবি ৰমেন কলিতাই আজি যেন আহ্লাদিত হৈ পৰা বুলি কয় ।