গুৱাহাটীত প্ৰাক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ বাবে প্ৰশিক্ষণ

গুৱাহাটীত প্ৰাক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ বাবে প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণপাৰ কামৰূপ আৰু উত্তৰপাৰ কামৰূপ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ যৌথ উদ্যোগত আৰু এছবেকৰ সহযোগত শনি আৰু দেওবাৰে মহানগৰীৰ দাঁতালপাৰাস্থিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত জাতীয় বিদ্যালয়ৰ প্ৰাক বিদ্যালয়ৰ শিক্ষাব্যৱস্থাৰ  লগত জড়িত শিক্ষয়িত্ৰীৰ মাজত প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়৷ দুয়োখন জিলাৰ প্ৰায় ৭০ জন প্ৰাক বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে৷শনিবাৰে দক্ষিণপাৰ কামৰূপ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক জ্যোতিষ চন্দ্ৰ দলৈয়ে আঁত ধৰা সভাত পৌৰোহিত্য কৰে সভাপতি ৰাজীৱ কলিতাই৷ সভাত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মা,প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে পৰীক্ষাৰ্থীৰ উদ্দেশ্য চমু বক্তব্য আগবঢ়ায়৷শিল্পী বিউতী বৰুৱাই বৰগীত পৰিৱেশন কৰাৰ পাছতেই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়৷প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিতত থাকে অসম জাতীয় বিদ্যালয়ৰ প্ৰাক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী উৎপলা বৰা আৰু অলকা গোস্বামীয়ে৷ প্ৰশিক্ষণৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ প্ৰশিক্ষণত প্ৰাক বিদ্যালয়ৰ শিশুসকলৰ বিদ্যালয়ত শিকাবলগীয়া বিভিন্ন ক্ৰিয়া কলাপৰ প্ৰশিক্ষণৰ লগতে ক্ৰিয়া কলাপৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হয়৷ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷