গুৱাহাটীত প্ৰথমবাৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট পেৰা স্প’টছ মীট
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত প্ৰথমবাৰলৈ উদয়াচলৰ উদ্যোগত ২৭ৰ পৰা ২৯ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট পেৰা স্প’টছ মীট। অসম পেৰা অলিম্পিক এছ’চিয়েচনৰ সহযোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত অনুষ্ঠিত হ’ব লগা এই পেৰা স্প’ৰ্টছ মীটত উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে অংশগ্ৰহণ কৰিব। উদয়াচলত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰিছে নৰ্থ-ইষ্ট পেৰা স্প’টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই। তেওঁ কয়- পোনপ্ৰথমবাৰৰ বাবে এই স্প’র্টছ মীট আমি আৰম্ভ কৰিছোঁ। ২০০৭ চনৰ পৰাই উদয়াচলে যাদৱ চন্দ্ৰ ভূঞা ন্যাসৰ অধীনত এই কামখিনি কৰি আছিল। গতিকে বহুদিনৰ পৰাই এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে আমি চিন্তা কৰি আছোঁ। এইবাৰ সুযোগ-সুবিধা সকলো মিলাৰ লগতে ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ। অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো পক্ষৰ পৰা তেওঁ সহায়-সহযোগিতাও কামনা কৰে। সংবাদ মেলত অংশ লৈ আয়োজক সমিতিৰ সাংস্কৃতিক আহ্বায়ক জাৰিৰ হুছেইনে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্য ক্রমে ত্ৰিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে ইয়াত অংশ ল’ব। মুঠ পাঁচটা শাখাত মহানগৰীৰ ৩টা স্থানত এই প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। ইয়াৰে পেৰা এথলেটিকছ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ লগতে পেৰা ছুইমিং, পেৰা বেডমিন্টন আৰু পেৰা টেবুল টেনিছ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হোৱাৰ লগতে পেৰা বকচিয়া উদয়াচলত অনুষ্ঠিত হ’ব। অহা ২৭ নৱেম্বৰত সৰুসজাইত দিনৰ প্ৰায় ১১ বজাত জনসংযোগ, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই পেৰা স্প’র্টছ মীট উদ্বোধন কৰিব। সেইদিনাৰ অনুষ্ঠানটোত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিবপ্রধান জয়ৱন্ত হামনাৱাৰে অংশগ্ৰহণ কৰিব। তদুপৰি স্প’ৰ্টছ মীটৰ ব্ৰেণ্ড এম্বেছাডৰ ৰূপে নিযুক্তি দিয়া হৈছে শচীন ছামাৰিয়াক। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত সংঘবদ্ধভাৱে পূর্বতে কেতিয়াও পেৰা স্প’টছ মীট অনুষ্ঠিত হোৱা নাই। এয়াই প্রথম। আমাৰ বাবে এয়া এক বৃহৎ ইভেন্ট। ইয়াৰ পাছত পৰৱৰ্তী সংস্কৰণটো অৰুণাচল প্রদেশত অনুষ্ঠিত হ’ব। সংবাদ মেলৰ সৈতে সংগতি ৰাখি নৰ্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ মাস্কট ‘পোহৰ’ আৰু স্প’ৰ্টছ মীটৰ খেলুৱৈসকলৰ জাৰ্ছীও উন্মোচন কৰা হয়।