গুৱাহাটীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি

গুৱাহাটীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ জু–ৰোডত পানীৰ পাইপ ফাটি হাহাকাৰ পৰিৱেশ। পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী।কমাৰ্চ আৰু ৰাজগড় ৰোডৰ একাংশ অঞ্চলত এতিয়া একাঁঠু পৰ্যন্ত পানী। সোমবাৰে দিনৰ ভাগত জল বৰ্ডৰ পাইপ ফুটি জু ৰোডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। বিভিন্ন গাড়ী, মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত বিস্তৰ ক্ষতি সাধন হয়।