গুণোৎসৱ প্ৰকৃত গুণৰ উৎসৱ হৈ আছেনে A+ গ্ৰেডৰ প্ৰতিযোগিতা
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
উৎসৱ বুলিলেই যেন আমি বলিয়া। নিজৰ হওঁক বা আনৰ সহৃদয়ে আঁকোৱালি লোৱাটো যেন আমাৰ অসমীয়াৰ উদাৰতা। এতিয়া আহো মূল কথালৈ, আমাৰ শিক্ষা বিভাগৰ উৎসৱৰ কথা। এই যে সাম্প্রতিক সকলোতে বলা পৰিবর্তনৰ ঢৌৱে শিক্ষা বিভাগকো চুই গৈছে। বিগত কেইবছৰ ধৰি শিক্ষা বিভাগে এই উৎসৱৰ জখলাটো বগাইছে। নতুনত্ব ভাল কিন্তু কেতিয়াবা এনে অনুভৱ হয় যে, বহুক্ষেত্ৰত প্রতিযোগিতা, কার্যকলাপবোৰ কৰিবলৈ গৈ আমি আমাৰ শিক্ষার্থীসকলক যথোপযুক্ত পাঠদানত সময় দিয়াৰ পৰা বঞ্চিত হও। মূল্যায়নৰ দিনতেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব লগা, প্রকৃত শিক্ষাৰ শলিতাডাল জ্বলাবলৈ আমি আহৰি নাপাও। বাৰ মাহত তেৰটা উৎসৱ-পার্বন, বিভিন্ন কার্যকলাপাবোৰ বাধ্যতামূলকভাৱে কৰিব লাগে বাবে।যিয়েই হওঁক, আজি-কালি তাহানিৰ সেই জানুৱাৰী আহিলেই নতুন বছৰ, নতুন চিন্তা, নতুন শ্রেণীত নামভৰ্ত্তি, নতুন নতুন কিতাপৰ গোন্ধৰ আমেজ লোৱাৰ বিপৰীতে এতিয়াৰ জানুৱাৰী যেন উৎসৱৰ মাহ, উশাহ বন্ধ হোৱাৰউপক্ৰম হয়।প্রত্যেক বিদ্যালয়ে পৰস্পৰে পৰস্পৰ প্রতিদ্বন্দ্বী হৈ পৰে। কোনে কিমান ধুনীয়াকৈ, পৰিদর্শকক আকৰ্ষিত কৰিব পাৰিব তাৰেই যো-জা চলে এমাহ আগৰ পৰাই। ছাত্র-ছাত্রীয়ে কিমানদূৰ শিকিছে বা জানিছে তাৰ প্রতি ধাউতি খুব কমেই । বিদ্যালয়ত ৰং লগোৱা, পাচলিৰ বাগিছা চকু ৰ’ লগাকৈ সজাই তোলা, দুই-তিনিদিন আগত তথাকথিত খেতি! চৌপাশ চাফ-চিকুণ, কোনো দিনে মকৰাজাল নভঙা স্কুলো যেন গুণোৎসৱৰ আগে আগে নৱ বধূৰ দৰে সাজি কাচি প্রস্তুত হৈ যায়। খোৱা-লোৱা আদি কৰি এক উখল-মাখল ব্যস্ততাপূৰ্ণ পৰিৱেশ।তাৰোপৰি, কিছুমানক বিদ্যালয়ত পৰিদৰ্শকক হাতৰ পুতলা কৰিবলৈয়ো প্রয়াস অব্যাহত ৰখা হয়, গুণৰ নহয় যেন দৰ-দামৰ তুলাচনীত তোলা A+ গ্ৰেড পোৱাৰ মেলা! কিয়নো, A+ পোৱা বিদ্যালয়লৈ উন্নয়ৰ বাবে চৰকাৰে যিমানেই পাৰিতোষিক দিয়ে, সেয়াও যেন কিছুমান হেডমাষ্টৰৰ কেবল পকেটত স্থান দখল কৰে । উন্নয়ন নামত সেই টকাকেইটা খটুৱাব ক’লে যেন চকুৰে সৰিয়হ ফুল দেখে । হজম হোৱা টকাৰ হিচাপ জনমত পোৱা নাযায়। সেয়ে, কিছু পৰিস্থিতিত স্বইচ্ছাই মহাভাৰতৰ গান্ধাৰীৰ দৰেই ক’লা আৱৰণখন চকুত মেৰিয়াই লও। প্রকৃত জ্ঞানৰ শিক্ষাৰে ছাত্র-ছাত্রীক শিক্ষিত কৰাত উপৰঞ্চি কিছুমান কার্যকলাপে বহু ক্ষেত্ৰত বিদ্যালয়ত বিৰক্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। জোনৰ আশাত দৌৰত আমি যেন গোটেই আকাশখনেই হেৰুৱাই পেলাও। শিক্ষাৰ সামগ্রিক বিকাশৰ লগত জড়িত কামবোৰৰ বিৰোধী নহওঁ যদিও কেতিয়াবা আমি শিক্ষক সমাজ নিঠৰুৱা, সর্বস্বান্ত বিফল বাটৰ সফল পথিক হৈ পৰো। স্বাধীনতাৰ শিকলি যেন এতিয়াও বহুত কঠিন বান্ধোনত বান্ধ খাই আছে! কিছু ক্ষেত্রত আকৌ বাধ্য হৈ পৰো, অনিচ্ছা স্বত্ত্বেও।গতিকে আমি ক’ব পাৰো যে সৰ্বাত্মক বিকাশৰ প্রতি দৃষ্টি ৰাখি শিক্ষা বিভাগে যি গুণৰ উৎসৱ পাতিছে, সেয়া প্রকৃত গুণৰ উৎসবৱ কৰি তাৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ সকলোৱে ওলাই আহক।গুণক অতিক্রমী অন্য ক্ষেত্ৰত প্ৰবল অগ্রাধিকাৰ দিয়াটো বন্ধ কৰি আহঁক আমি ভৱিষ্যত প্ৰজন্মৰ সোনোৱালী পৃথিৱীৰ পথ প্রশস্ত কৰোঁ ।