গুণোৎসৱ – আয়নাল হক

PC- ETV Bharat
গুণোৎসৱ
আয়নাল হক, ধুবুৰী 
গুণোৎসৱ আহিলেই
ব্যস্ততাৰ নাই শেষ,
শিক্ষক-ছাত্ৰ সবাই মিলি
নিকা কৰে পৰিৱেশ।
শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ
সম্পূৰ্ণ প্ৰস্তুতি চলে,
বিদ্যালয়বোৰত এই সময়ত
উৎসৱ আহে যেন লাগে।
শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ
ই নতুন পদক্ষেপ,
শৈক্ষিক মূল্যায়ন নিৰ্ণয়ৰ বাবে
শিক্ষকে কৰে মনোনিৱেশ।
শিক্ষা জগতৰ স্থবিৰতাত যেন
গুণোৎসৱে আনে গতি,
শিক্ষক-ছাত্ৰৰ সহযোগিতাৰ মাধ্যমত
বিদ্যালয়ৰ হয় অগ্ৰগতি।
গুণগত শিক্ষা প্ৰসাৰৰ বেলিকা
কিমান সফল হ’ব,
এই কথাৰ সঠিক উত্তৰ
সময়ত পোৱা যাব।
হ’লেও
গুণোৎসৱ হওক গুণৰ উৎসৱ
থাকিব লাগিব ভৰসা,
সৎ মনোভাৱেৰে সকলো আহক
দূৰ হওক অজ্ঞানতা…।