গীতি কাব্য সংকলন ‘ভাৱ মালিকাʼ-ৰ শুভ উন্মোচন
বিশিষ্ট শিল্পী সমৰ হাজৰিকালৈ বিশেষ শিল্পী সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীৰ শিল্পী দিৱসত চছল শতদল শাখা সাহিত্য সভাৰ ৰবীন্দ্ৰনাথ প্ৰেক্ষাগৃহত শিল্পী -লেখক গিৰীশ শৰ্মাৰ গীতি কাব্য সংকলন ʼভাৱ মালিকাʼ আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে বিশিষ্ট শিল্পী গীতিকাৰ, সুৰকাৰ সমৰ হাজৰিকাই। উন্মোচনী ভাষণত শিল্পী গৰাকীয়ে গীতি কবি গিৰীশ শৰ্মাৰ চিন্তাৰ এক অনন্য সৃষ্টি গীতি কবি গৰাকীৰ সৃস্থিৰ এক সুকীয়া দিশ অংকুৰিত হোৱা বুলি মন্তব্য আগবঢ়ায়। গীতি কবি গৰাকীৰ কাব্য গ্ৰ্ন্থখনে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। শিল্পী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, ব্যঙ্গ লেখক প্ৰভাত গোস্বামীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত এক মননশীল বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। সাহিত্যক থানেশ্বৰ মালাকৰৰ সভাপতিত্বত অনুষ্ঠিত শিল্পী দিৱসৰ মূকলি সভাত বিভিন্ন শিল্পীয়ে পৰিৱেশন কৰা জেউতি সঙ্গীত আৰু কবিতা আবৃত্তিয়ে উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানতে বিশিষ্ট শিল্পী সমৰ হাজৰিকাক বিশেষ শিল্পী সম্বৰ্ধনা ফুলাম গামোচা,স্মাৰক ,শ্বল, আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।