গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাক জন্মদিৱসত সশ্ৰদ্ধ সোঁৱৰণ- পাপৰি শইকীয়া বৰা

Pc Wikipedia

গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাক জন্মদিৱসত সশ্ৰদ্ধ সোঁৱৰণ

অসমীয়া আধুনিক কাব্য-সাহিত্যৰ বুৰঞ্জীত এটা চিৰউজ্জ্বল নাম -পাৰ্বতীপ্ৰসাদ বৰুৱা ।১৯০৪ চনৰ ১৯ আগষ্টত এইজনা গীতিকবিয়ে জন্মগ্ৰহণ কৰিছিল ।একেধাৰে গীতিকাৰ সুৰকাৰ গায়ক নৃত্যশিল্পীআৰু সু অভিনেতা পাৰ্বতি প্ৰসাদ বৰুৱা অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী আছিল ।
অসমীয়া গীতিসাহিত্যত পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত যেন এক নিৰৱ চেতনাৰ স্ৰোতস্বিনী ।প্ৰাৰ্থনাৰ কোমলতা আৰু আত্মনিবেদনৰ কৰুণ মধুৰ সুৰেৰে ভৰা পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত অসমীয়া সাহিত্যত একক বৈশিষ্টৰে অনন্য।তেওঁৰ চিত্ৰময় লিখনিৰ মাজেৰে বাঙ্ময় হৈ উঠিছে অসমৰ নিভাজ প্ৰকৃতি।”লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া /বালিত ভাতে ৰান্ধি খায় – – -“; আজি ফাগুনৰ পুৱাবেলাতেই মেঘে ওন্দোলাই আনিলে – – -” ;’গৰখীয়া হেৰ’ গৰখীয়া কি সুৰ বজালি দুপৰীয়া – – -‘ আদি গীতবোৰৰ সৰল মাধুৰ্যই আজিও আমাৰ হিয়া চুই যায় । সেইদৰে অসমীয়া লোক-সংগীতৰ -আইনাম ধাইনাম আদিৰ সুৰেৰে সজাই তুলিছে গীতসমূহক ।কোমল শব্দছয়ন আৰুআত্মিক বিষাদৰ সুৰে গীতসমূহক প্ৰদান কৰিছে স্থায়িত্ব । বিশেষকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই মায়াবী কণ্ঠৰে পাৰ্বতিপ্ৰসাদ বৰুৱাৰ যিসমূহ গীতত কণ্ঠ নিগৰাইছে –সেই সকলো গীতেই লাভ কৰিছে অমৰত্ব।তেখেতৰ ৰচিত পুথিসমূহ হ’ল —‘খেল ভঙা খেল ” “ভঙা টোকাৰীৰ সুৰ” “গুণগুণনি” “লুইতী” ‘শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল” ‘লখিমী” আদি ।এইসমূহৰ উপৰিও বহু অনন্য গদ্য ৰচনাৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান যোগাইছে ।অসমীয়া ভাষাক নতুন শব্দছয়নেৰে সমৃদ্ধ কৰা পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জীৱন আৰু কৰ্মৰ মাজেদি যি নান্দনিক মূল্যবোধে প্ৰকাশ লাভ কৰিছে সেই মূল্যবোধেৰে সমৃদ্ধ হৈছে অসমীয়া জাতীয় জীৱন আৰু সাহিত্য। সময়ৰ সোঁতত এই নিভাঁজ সৃষ্টিৰাজি হেৰাই নাযাওক —এয়াই আমাৰ একান্ত কামনা ।জন্মদিৱসত গীতিকবিক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো ।

পাপৰি শইকীয়া বৰা
গোলাঘাট