গীতানগৰ শতদল সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

গীতানগৰ শতদল সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধীনস্থ “গীতানগৰ শতদল সাহিত্য সভা”ৰ ৩৯ তম প্ৰতিষ্ঠা দিৱস অলপতে সভাৰ “অমিয়া ভৰালী ভৱন” প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায় । পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক সপোন দুৱৰাই । ইয়াৰ পিচত স্মৃতি তৰ্পণ কৰে স্বপ্না দেৱীয়ে । ইয়াৰ পিচত সপোন দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাৰ সম্পাদক পদুমী পাঠকে । সভাত দক্ষিণপাট সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক হিৰণ্য শইকীয়াই অতিথি হিচাপে অংশ লৈ ভাষা- সাহিত্য- সংস্কৃতিৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণত অসম সাহিত্য সভাৰ লগতে ইয়াৰ শাখাসমূহৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বহলাই ব্যাখ্যা দাঙি ধৰে । সভাত দুৰ্গেশ্বৰ পাঠক আৰু ৰীণা ভৰালী বৰাইও অতিথি হিচাপে অংশ লৈ বক্তব্য ৰাখে । সভাত দণ্ডিৰাম কাকতি আৰু ভূপেন শৰ্মাই সমজুবাৰ পৰা বক্তব্য দাঙি ধৰে । সভাত পদুমী পাঠক, বন্দনা হাজৰিকা, অঞ্জনা শৰ্মা, অঞ্জু খাউণ্ড, স্বপ্না দেৱী, লনী হাজৰিকা , ৰূপা গোস্বামীয়ে ভিন ভিন গীত -মাত পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে ।