গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ মাহিলি বৈঠকখন শনিবাৰে চম্পকনগৰৰ নিবাসী লংকেশ্বৰ ডেকা আৰু নিভা ডেকাৰ বাসগৃহত অনুষ্ঠিত হয়৷সমাজৰ জ্যেষ্ঠ সদস্য মনোজ কুমাৰ নাথৰ সঞ্চালনাত আৰু সাধাৰণ সম্পাদক গকুল বৰুৱাৰ আহ্বানত অনুষ্ঠিত সভাৰ প্ৰাৰম্ভণিতে বিশ্বনাথ দাস,হংসধৰ দাসৰ মৃত্যুত এক মিনিট মৌনতা অৱলম্বন কৰি মৃতকৰ সদগতি কামনা কৰা হয়৷সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই প্ৰয়াত দুয়োজনৰ বিষয়ে চমু পৰিচয় দাঙি ধৰে৷সম্পাদক গকুল বৰুৱাই বিগত বৈঠকৰ প্ৰতিবেদন পাঠ কৰা সভাত সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন ২৩-২৪ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয়ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৮৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা ২০২০ বৰ্ষত চতুৰ্থ স্হান পোৱা হিয়াশ্ৰী শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷সভাত মনোজ কুমাৰ নাথ,মিতালী লহকৰ,উমাকান্ত কলিতাই প্ৰৱন্ধ,চক্ৰেশ্বৰ কাকতিয়ে ভ্ৰমণ কাহিনী,গিৰিশ বৰাই কৰ্মজীৱনৰ অভিজ্ঞতা,ৰমেশ চন্দ্ৰ শৰ্মাই গল্প,ৰীনা দাসে কবিতা,গকুল বৰুৱাই কবিতা আবৃত্তি কৰি উপস্হিত আটাইকে আমোদ দিয়ে৷সভাত মুখপত্ৰ ’প্ৰত্যাশাৰ’ সম্পাদক নৱ প্ৰসাদ শৰ্মাই কয়-এইবছৰ জুলাই মাহত প্ৰকাশ হ’বলগা প্ৰত্যাশাৰ বাবে ইচ্ছ্যুক লেখকে জুন মাহৰ বৈঠকত পান্দুলিপি জমা দিব লাগিব৷জ্যোতিষ ঠাকুৰীয়াৰ পৰিচালনাত ’সমজুৱাৰ হাঁহি’ পৰিৱেশিত হয়৷সমাজৰ উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰে পঠিত আৰু পৰিৱেশিত লিখনীৰ এটি পৰ্যালোচনা আগবঢ়ায়৷