গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ কুন্তীদেৱী স্মাৰক বক্তৃতানুষ্ঠান

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ কুন্তীদেৱী স্মাৰক বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ উদ্যোগত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত ‘কুন্তীদেৱী স্মাৰক বক্তৃতা’ শীৰ্ষক এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷সংগীত শিল্পী ৰীনা দাসৰ পৰিচালনাত সমবেত গীতেৰে শুভাৰম্ভ কৰা সভাত আদৰণি ভাষণ দিয়ে সাধাৰণ সম্পাদক গকুল বৰুৱাই৷সদস্য মিতালী লহকৰে আঁত ধৰা সভাত কটন মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° মিনতি বৰঠাকুৰ,সভাপতি লংকেশ্বৰ ডেকা,উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰ,হষিকেশ চক্ৰৱৰ্তী উপস্হিত থাকে৷সভাত মিনতি বৰঠাকুৰে ‘কেন্সাৰ,প্ৰত্যাহ্বান আৰু জীৱনৰ জয়গান’ বিষয়ত বক্তৃতা প্ৰদান কৰি কয়-ল’ৰা ছোৱালীৰ ইচ্ছামতে যিকোনো খাদ্য নখুৱাব৷শাক পাচলি বেছিকৈ খুৱাওক৷কেন্সাৰ গ্ল’কজৰ ওপৰত জীয়াই থাকে৷গ্ল’কজ জাতীয় বস্তু কমাই খাওক৷সভাত ধীৰেনপাৰা হাস্পতালৰ অধীক্ষক ডা° অপূৰ্ব কৃষ শৰ্মাই কেন্সাৰৰ বিভিন্ন দিশ বিশদভাৱে ব্যাখ্যা কৰে৷প্ৰশ্নত্তোৰ শিতানত প্ৰণীতা ভট্টাচাৰ্য,প্ৰদীপ কলিতা,নৱ প্ৰসাদ শৰ্মা,উমাকান্ত কলিতাই কৰা উত্তৰ সমূহ সুন্দৰভাৱে ড° বৰঠাকুৰ আৰু ডা° শৰ্মাই ব্যাখ্যা কৰে৷সভাপতি লংকেশ্বৰ ডেকা আৰু উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰে ভাষণ দিয়ে৷প্ৰাক্তন সম্পাদক উমেশ চন্দ্ৰ ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায়৷