গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক-গ্ৰন্থ উন্মোচন

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক-গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ মাহিলী বৈঠকখন নতুনবস্তি নিবাসী গকুল বৰুৱা আৰু বিউটি বৰুৱাৰ বাসগৃহত অনুষ্ঠিত হয়৷সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই পৌৰোহিত্য কৰা সভাত উপ সভাপতি উমাকান্ত কলিতা,উপদেষ্টাদ্বয় হষীকেশ চক্ৰৱৰ্তী,সুশীল চন্দ্ৰ বৰঠাকুৰ উপস্থিত থাকে৷গাৰ্গী মিশ্ৰই এটি মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাত পূৰ্বৱৰ্তী বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে সাধাৰণ সম্পাদক গকুল বৰুৱাই৷সাহিত্য সমাজৰ মুখপত্ৰ ‘প্ৰত্যাশা’ ডিজিটেল ৰূপত প্ৰকাশ কৰাৰ প্ৰাকক্ষণত সম্পাদক গকুল বৰুৱা আৰু সম্পাদনা সমিতিৰ সম্পাদক নৱ প্ৰসাদ শৰ্মাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰে৷গকুল বৰুৱাই আঁত ধৰা সভাত গাৰ্গী মিশ্ৰই বক্তৃতা,উমাকান্ত কলিতা,পূজা শৰ্মা,নিৰ্মালী ভাগৱতীয়ে প্ৰৱন্ধ,ৰমেশ চন্দ্ৰ শৰ্মা,জিষুজ্যোতি ভাগৱতী,চক্ৰেশ্বৰ কাকতিয়ে গল্প,জ্যোতিষ বৰুৱা,অনুভা বৰুৱাই কবিতা পাঠ কৰে৷দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মাৰ ’বন্দী’ গল্পৰ গ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে৷শিল্পী বিউটি বৰুৱাৰ পৰিচালনাত হিনা দাস,প্ৰতীক্ষা কাশ্যপ,জোন মণি বৰা,ভাৰ্গৱী অধিকাৰী,মেঘা দাসে বৰগীত পৰিৱেশন কৰে৷ৰঞ্জন বড়োয়ে কবি সনন্ত তাঁতিৰ সম্পৰ্কত কবিগৰাকীৰ শৈশৱ,কৈশোৰ তথা কবি জীৱনৰ কিছু কথা ব্যক্ত কৰে৷ৰঞ্জনে অদীপ কুমাৰ ফুকনে সম্পাদনা কৰা ‘জাতীয় জীৱনৰ বৰ্চবৃক্ষ ড° দেৱ প্ৰসাদ বৰুৱা’ গ্ৰন্হ সাহিত্য সমাজলৈ দান দিয়ে৷সদস্য সঞ্জীৱ দেৱ চৌধুৰীয়ে হিতেশ দত্তৰ সম্পাদনাত ‘চন্দ্ৰনাভি নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰী’ গ্ৰন্থখন সমাজলৈ দান দিয়ে৷গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে নতুন প্ৰজন্মক উদ্দেশ্যি কিছু গুৰুত্বপূৰ্ণ কথা কয়৷