গণেশপাৰাত বিকশিত ভাৰতৰ সংকল্প যাত্ৰা

গণেশপাৰাত বিকশিত ভাৰতৰ সংকল্প যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত ১৫ ডিচেম্বৰত অনুষ্ঠিত কৰা বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ অনুষ্ঠানটি গণেশপাৰাস্হিত নৱজ্যোতি সংঘৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ দূৰদৰ্শী আঁচনি সমূহে ৰাইজক কেনেধৰণে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে সেই বিষয়ে বৃহত্তৰ ৰাইজক অৱগত কৰোৱা হয়।এই সভাত ৰাইজক মাৰ্গ দৰ্শন কৰে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, ৩১ নং ৱাৰ্ডৰ পাৰিষদ ৰত্না সিং৷ সভাত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ দেৱজিৎ ৰাজবংশী, প্ৰাক্তন পাৰিষদ জয়ন্ত বড়ো,২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰী, গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ তুলসী।১১নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে এই সুযোগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক জনতাৰ বাবে আগবঢ়োৱা কল্যাণ কামী আচঁনি সমুহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷