গণতন্ত্ৰ দিৱস প্ৰতিজন ভাৰতীয়ৰ সঞ্জীৱনী সুধা – নাছিৰ আহমেদ

PC - CNBC TV18
গণতন্ত্ৰ দিৱস প্ৰতিজন ভাৰতীয়ৰ সঞ্জীৱনী সুধা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
গণতন্ত্ৰ দিৱস প্ৰতিজন ভাৰতীয়ৰ সঞ্জীৱনী সুধা, সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে জীয়াই থকাৰ একমাত্ৰ সম্বল, সৎ কৰ্ম কৰাৰ প্ৰেৰণা, এন্ধাৰ ৰাতিৰ দীপচাকি, পাৰাপাৰ বিচাৰি নোপোৱা সাগৰৰ নাবিকৰ ধ্ৰুৱতৰা-স্বৰূপ।প্ৰতি বছৰৰ দৰে এইবাৰো ২০২৪ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সকলো ৰাজহুৱা চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানসমূহত ভাৰতবাসীয়ে স্বতঃস্ফূৰ্ত ভাবে অতি জাকজমকতাৰে ৭৫তম গণতন্ত্ৰ দিৱস উদযাপন কৰিব ।  এইবাৰ গণতন্ত্ৰ দিৱসৰ মূল প্ৰতিপাদ্য বা থিম হ’ল, ” Viksit Varat (বিকশিত ভাৰত)  Varat Laktantra ki Matruka(  Mother of India) ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ মূল কাৰণ হ’ল, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতক পূৰ্ণ স্বৰাজ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল। যদিও ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশে সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ শাসন ওফৰাই স্বাধীনতা ঘোষণা কৰিছিল, ১৯৪৭ চনৰ ২৯ আগষ্টত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত অনুষ্ঠিত সংবিধান সভাত  (Constituent assembly)  সংবিধান খচৰা কমিটি গঠন কৰি দিছিল। উক্ত সংবিধান খচৰা কমিটিৰ চেয়াৰমেন আছিল ড° বি আৰ আম্বেদকাৰ।  সৰ্বমুঠ ২ বছৰ ১১ মাহ ১৮ দিনৰ মূৰত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানৰ খচৰা সংবিধান সভাত পেছ কৰাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধানখন গৃহীত কৰি লোৱাৰ লগে লগে ১৯৩৫ চনৰ  ব্ৰিটিছ শাসকে ইণ্ডিয়া ইক্টৰ জৰিয়তে প্ৰদান কৰা ডমিনিয়ন ভাৰতৰ সকলো আইন- কানুন বিলুপ্ত হৈ ভাৰতবৰ্ষখন এখন প্ৰজাতন্ত্ৰ, সমাজতন্ত্ৰ, ধৰ্ম -নিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ( Republic, Socialist, Secular, Democratic ) গণৰাজ্যলৈ পৰিণত হ’ল। তেতিয়াৰ পৰাই প্ৰতি বছৰে আমাৰ দেশে ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উদযাপন কৰি আহিছে।এইবাৰ ৭৫ তম গণতন্ত্ৰ দিৱসটিৰ (Republic Day) মেচেজ হ’ব, ” Freedom in mind, Strength in words, Pureness in our blood, Pride in our soul, Zeal our hearts, Let ‘s salute our on Republic Day. গণতন্ত্ৰ দিৱসৰ দিনা স্বাধীনচিতীয়া মনেৰে শক্তিশালী শব্দৰ দ্বাৰা, পবিত্ৰ ৰক্ত, আত্মাৰ গৌৰৱ বোধ লৈ আৰু অন্তৰৰ উৎফুল্লিত ভাৱ লৈ আহক আমি আমাৰ দেশক ছেলুট বা অভিবাদন জনাওঁ।এইবাৰ আমাৰ শ্লোগান হ’ব, ” Clean India, Green India, make it pollution free India” we are together” say it land proud, let’s welcome developed of the Republic India. দেশখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰোঁ, সেউজ কৰোঁ, প্ৰদূষণ মুক্ত দেশ এখন গঢ়ি তুলি গৰ্বৰ সৈতে আহক আমি আমাৰ দেশক এখন উন্নত গণৰাজ্যলৈ পৰিণত কৰোঁ।এইবাৰ ৭৫ তম গণতন্ত্ৰ দিৱসত দিল্লীৰ কৰ্তব্য পথ( আগৰ ৰাজপথত) পতাকা উত্তোলন কৰিব ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু মহোদয়াই। আৰু এই গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মিঃ ইমানুৱেল মেক্ৰন।প্ৰথম বাৰৰ বাবে এইবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেডৰ জন ভাগিদাৰী অনুষ্ঠানটি সম্পূৰ্ণ ৰূপে মহিলা কেন্দ্ৰীক হ’ব। দেশৰ ১৬ খন ৰাজ্যপাল শাসিত আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১০০ মহিলা কলাকাৰে ভাৰতীয় বাদ্য যন্ত্ৰ,যেনে শংখ, নাগাৰা , নাগশ্বৰম আদিৰে দেশৰ বৈচিত্ৰময়, পৰম্পৰাগত কলা কৃষ্টি সংস্কৃতি আৰু নৃত্য প্ৰদৰ্শন কৰিব । এই অনুষ্ঠানটি মুঠ ১৩ হেজাৰ অতিথিয়ে উপভোগ কৰিব। ১০.৩০ বজাত আৰম্ভ হৈ মুঠ ৯০ মিনিট হোৱা অনুষ্ঠানটিত মুঠ আসনৰ সংখ্যা থাকিব ৭৭ হাজাৰ,তাৰে ৪২ হাজাৰ আসন জনসাধাৰণৰ বাবে সংৰক্ষিত হ’ব। মুখ্য অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে তেওঁৰ ৯৩ সদস্য বৃন্দ, তাৰে ৩৩ সদস্য বেন্দ পাৰ্টি, আকাশী বিমান, দুটি ৰাফেল বিমান, লগতে ভাৰতৰ আকাশী যান , টেঙ্কাৰ আদি পেৰেডত অংশ গ্ৰহণ কৰিব। মুখ্য অতিথিসমূহৰ ভিতৰত দেশৰ বিভিন্ন অনুষ্ঠানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকল, কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ বিভিন্ন চৰকাৰী স্কীমৰ বিষয়-ববীয়া, আন্তৰ্জাতিক বিভিন্ন ক্ৰীড়া অনুষ্ঠান বা অলিম্পিক খেলত বিজয়ী খেলুৱৈসকল, কলা, কৃষ্টি,সংস্কৃতি, আৰু সাহিত্য, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য , কৰিওগ্ৰাফাৰ, কৃষি কাৰ্যৰ উৎপাদকসকল,ছেল্ফ হেল্প গ্ৰুপ তিৰোতাসকল আৰু দেশৰ জাতীয় বিদ্যালয়ত পেৰেডত বিজয়ী ছাত্ৰ-ছাত্ৰী সকল ইত্যাদি সকলোৱে অংশ গ্ৰহণ কৰি এই দিৱসটিক এটি সৰ্বাংগসুন্দৰ ৰূপে পৰিগণিত কৰিব।তদুপৰি ২০০ মহিলা কলাকাৰে ছেলুট বা অভিবাদন অনুষ্ঠানত বন্দেমাতৰম জাতীয় সংগীত আৰু নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তুলিব । তাৰোপৰি দেশৰ ২.৪৮ লাখ শিক্ষানুষ্ঠানৰ ১.৩৬ কোটি ছাত্ৰ-ছাত্ৰীয়ে বীৰত্ব প্ৰদৰ্শন কৰা আৰু দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া বা দেশৰ বাবে প্ৰাণপণে যুদ্ধ কৰা বীৰ সৈনিকসকলৰ সাহসিকতাৰ বিষয়ে সচেতন আনিব বিচাৰি কাৰ্যসূচী সম্প্ৰচাৰ কৰা অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰিব।মুঠতে, গণতন্ত্ৰ দিৱস উদযাপনৰ মাজেৰে আমাৰ দেশখন পৃথিবীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত কৰাৰ বাবে দেশৰ কোটি কোটি জনতাই প্ৰতিজ্ঞাবদ্ধ হয়।