খৰখেদাকৈ সমষ্টিৰ পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

খৰখেদাকৈ সমষ্টিৰ পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা প্ৰক্ৰিয়াক ন্যায় আৰু নিৰপেক্ষতাৰ প্ৰতি চূড়ান্ত অসন্মান বুলি মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এক বিবৃতিত বৰাই কয়,’সম্পূৰ্ণ খৰখেদাকৈ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াক আমি অসম তৃণমূল কংগ্ৰেছ ক্ষোভিত হৈ পৰিছো। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিজৰ স্বতন্ত্ৰতা বিসৰ্জন দি কেৱল বিজেপি চৰকাৰৰ সুবিধা মতে এই অগণতান্ত্ৰিক পদক্ষেপ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি শীঘ্ৰে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাব বুলি সদৰি কৰাৰ পাছতে খচৰা প্ৰকাশ কৰাটোৱে নিৰ্বাচন আয়োগে ড° হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ খৰখেদাকৈ কেৱল তেওঁলোকৰ ভোটৰ অংক নিশ্চিত কৰাৰ বাবে উঠি পৰি লগাটো জল জল পট পট হৈ পৰিছে। বিজেপিৰ কুচক্ৰান্তত দেশৰ গণতন্ত্ৰৰ প্ৰতি এয়া আন এক কুঠাৰাঘাত। যিহেতু ৰাজ্যখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰচি) কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তেনে ক্ষেত্ৰত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাটো সম্পূৰ্ণৰূপে অযুক্তিকৰ।আনহাতে এই খচৰা প্ৰস্তুত কৰিছে ২০০১ চনৰ লোকপিয়ল মতে। কিন্তু আমি ইতিমধ্যেই দাবী জনাই আহিছো যে সমষ্টি পুনৰ্নিৰ্ধাৰণ শেহতীয়া লোকপিয়ল মতেহে হ’ব লাগিব। আনহাতে ২০২৬ চনত যিহেতু সমগ্ৰ দেশতে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হ’ব তেনে ক্ষেত্ৰত মাত্ৰ কেইটামান বছৰ হাতত থকা সময়ত অসমত এই পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই। কাৰণ সমগ্ৰ দেশৰ লগতে পুনৰ সমষ্টিৰ নিৰ্ধাৰণৰ সময়ত অসমতো আকৌ সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হ’ব।আমি অসম তৃণমূল কংগ্ৰেছে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু এই খচৰা প্ৰত্যাহাৰৰ দাবী জনাইছো৷