খোজকাঢ়ক – নিজকে নিৰোগী ৰখাৰ চেষ্টা কৰক ডাঃ যুতিকা ওজা

Pc- 9Scroob

খোজকাঢ়ক – নিজকে নিৰোগী ৰখাৰ চেষ্টা কৰক

ডাঃ যুতিকা ওজা,
অধ্যাপিকা , কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

“মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা” – সঁচাকৈয়ে ৰাতিপুৱাৰ সময়খিনিত বিচনাত শুই থকাৰ আমেজেই বেলেগ। পুৱতি নিশাৰ পৰা ৰাতিপুৱালৈকে প্ৰায় সকলোৰেই ভাল টোপনি হয়। ৰাতিপুৱা শুৱাপাটী এৰাৰ পৰাই আকৌ দিনটোৰ বাবে ব্যস্ততাৰ জীৱন আৰম্ভ হয়। দিনটোৰ এই ব্যস্ততাৰ ৰাতিহে অন্ত পৰে। আকৌ পিছদিনা এই একেই পৰিক্ৰমা চলি থাকে।

আগৰ সময়তো মানুহৰ এই একেই ব্যস্ততা আছিল। কিন্তু তেতিয়াৰ দিনত মানুহৰ শাৰীৰিক পৰিশ্ৰম আজিৰ তুলনাক বহুত বেছি আছিল। আগতে কুঁৱা পুখুৰী নিজৰাৰ পৰা পানী তোলা, ঘৰ চাফ-চিকুণ কৰা, খোজকাঢ়ি বিদ্যালয়লৈ যোৱা, ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱা, নানান শাৰীৰিক পৰিশ্ৰমযুক্ত কাম আছিল। ইয়াৰ লগতে ঢেকী দিয়া, গৰু ছাগলী এৰাল দিয়া, পথাৰৰ কাম আদি বোৰতো আছিলেই।

কিন্তু আজিকালি এনে ধৰণৰ পৰিশ্ৰমবোৰ কমি আহিল। আজিকালি টেপত পানী, ৱাচিং মেচিনত কাপোৰ ধোঁৱা, কৰবালৈ যাবলৈ ঘৰৰ গাড়ীখন বা ওলা-উবেৰ ব্যৱহাৰ কৰা আদি অভ্যাসৰ ফলত শাৰীৰিক পৰিশ্ৰমৰ লগতে খোজকঢ়াৰ অভ্যাস কমি গ’ল। আনকি এতিয়া মানুহৰ মাজতো অহাযোৱা কমি আহিছে। ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয়বোৰৰ খবৰো আমি মোবাইলেৰেহে লওঁ। আগতে ঘৰত যতন কৰা খাদ্য খাইছিলো, আজিকালি কিন্তু হোটেল-ৰেষ্টুৰেণ্ট বা বাহিৰৰ খাদ্যহে ভাল পোৱা হ’ল। আমাৰ খাদ্যাভ্যাসবোৰ সলনি হ’ল, এতিয়া আমি জাংকফুড, অত্যাধিক তেল দিয়া মুখৰোচক খাদ্য খাইহে ভাল পাওঁ। অৱশ্যে, শাৰীৰিক পৰিশ্ৰম কমি যোৱাৰ ফলত আমাৰ মানসিক শ্ৰম বাঢ়িবলৈ ধৰিছে। এতিয়া আমি প্ৰতিযোগিতাৰ দৌৰত জয়ী হ’লৈ সকলোৱে আপ্ৰান চেষ্টা চলাইছো। ল’ৰা-ছোৱালীৰ পঢ়া শুনা, চাকৰিৰ সমস্যা, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আমি সকলোৰে মানসিক চাপৰ সন্মুখীন হৈছো।

            এই সকলোবোৰ কাৰকৰ ফলত আজিকালি বহুতেই বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া হৈছে। ক’ম শাৰীৰিক পৰিশ্ৰম, অস্বাস্থ্যসন্মত খাদ্যাভ্যাস, অত্যাধিক মানসিক চাপ আদিৰ ফলত বিশেষকৈ উচ্চ ৰক্তচাপ, মধুমেহ, হৃদযন্ত্ৰৰ ৰোগ, আঁঠুৰ বিষ আদি ৰোগত বহুতেই আক্ৰান্ত হৈছে। প্ৰতিযোগিতাৰ দৌৰত আৰু আধুনিক চিন্তাধাৰাৰ লগত নিজকে খাপ খুৱাবলৈ যাওতে বহুতে নানা ধৰণৰ মানসিক বিকাৰৰ দ্বাৰা আক্ৰান্ত হৈছে। এই অসংক্ৰামক ৰোগসমূহৰ  চিকিৎসা বহুত দীঘলীয়া, কোনো কোনোৱে জীৱনজোৰা চিকিৎসা গ্ৰহণ কৰিবলগীয়াত পৰে। গতিকে এই ৰোগসমূহৰ পৰা আক্ৰান্ত নোহোৱাকৈ থাকিবৰ বাবে আমি প্ৰয়োজনীয় ব্যৱস্থা সমূহ লোৱাহে জৰুৰী।

সেইবাবে আজিকালি বহুতেই ব্যায়াম কৰে, যোগাসন কৰে, কিছুসংখ্যক আকৌ জিমলৈ যায়। কিন্তু ইয়াৰ লগতে আমাৰ সকলোৰে বাবে অতি সহজে আৰু কোনো ধৰণৰ কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নথকা সহজ পদ্ধতি হ’ল খোজকঢ়া। দৈনিক আধা ঘণ্টাকৈ সপ্তাহত পাঁচদিন খোজ কঢ়াটোৱেই যথেষ্ট বুলি ইতিমধ্যে বহুতো সমীক্ষাত প্ৰকাশ পাইছে। আমি যিকোনো সময়তে খোজ কাঢ়িব পাৰো যদিও ৰাতিপুৱা সময়খিনি উত্তম সময়।

ৰাতিপুৱাৰ সময়খিনি পথত ভিৰ নাথাকে, গাড়ীমটৰ ক’ম থাকে, ধূলিবালিৰ পৰাও আমনি নাথাকে। ৰাতিপুৱাই খোজকঢ়াৰ ফলত শৰীৰৰ লগতে মনটোও সতেজ হয়।

খোজকঢ়াৰ ফলস্বৰূপে আমি বহুতো ৰোগৰ পৰাও নিলগত থাকিব পাৰো। খোজকঢ়াৰ ফলত শৰীৰৰ বৰ্দ্ধিত ওজন কমিবলৈ ধৰে আৰু শৰীৰটো আটিল হয়। অৱশ্যে খোজকঢ়াৰ গতিবেগ (বেগাই খোজ কাঢ়িব লাগে) আৰু কিমান দূৰত্ব খোজ কঢ়া হৈছে, তাৰ ওপৰত ইয়াৰ উপকাৰিতা সমূহ নিৰ্ভৰ কৰে। লগতে সুষম আহাৰ খোৱাৰ প্ৰতিও ধ্যান দিব লাগিব। খোজকঢ়াৰ ফলত শৰীৰত অক্সিজেন চলাচল বৃদ্ধি পায় আৰু হৃদযন্ত্ৰ সবল হয়। তথ্য অনুসৰি সপ্তাহত পাঁচদিন অতি কামেও আধাঘণ্টাকৈ খোজকাঢ়িলে প্ৰায় ১৯ শতাংশলৈ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

খোজকঢ়াৰ ফলত ভৰিৰ গাঁঠি, আঠু আৰু কৰঙনৰ মাংসপেশীৰ লগতে যোঁৰাবোৰ সবল হৈ থাকে। বয়সৰ লগে লগে  আৰম্ভ হোৱা অষ্টিঅ’প’ৰ’ছিছ আদি ৰোগৰ লগতে কঁকালৰ বিষৰ সমস্যাও খোজকঢ়াৰ ফলত বহুলাংশে হ্ৰাস পায়। দৈনিক খোজকঢ়াৰ অভ্যাসে শ্বাস তন্ত্ৰত কাৰ্য্যকুশলতা বঢ়ায়, লগতে মানুহৰ কাৰ্য্যদক্ষতা বৃদ্ধি পায়, টোপনিও ভাল হয়। খোজকঢ়াৰ ফলত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, মানসিক স্বাস্থ্যৰো উৎকৰ্ষ সাধন হয়। হতাশাজনিত ৰোগ কমাই অনাৰ লগতে আত্মবিশ্বাস বঢ়ায়। খোজকঢ়াৰ অভ্য়াসৰ ফলত মনোযোগ বাঢ়ে। শৰীৰৰ বাবে অপকাৰী বৰ্ধিত কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ ধৰে। বয়সীয়াল লোকসকলৰ ক্ষেত্ৰত ডিমেনচিয়া, আলজেইমাৰ ৰোগ আদিবোৰ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ৰাতিপুৱাৰ সময়খিনিত সেউজীয়া গছ-গছনি দেখিলে চকুৰ বাবেও ভাল।

খোজকঢ়াৰ অভ্যাস নতুনকৈ আৰম্ভ কৰিলে প্ৰথম অৱস্থাত বেছি বেগাই আৰু বেছি দূৰলৈ যাবলৈ কষ্ট হ’ব পাৰে। গতিকে লাহে লাহে দূৰত্ব বঢ়াই আনিব লাগে আৰু সেইদৰে খোজকঢ়াৰ গতিবেগো বঢ়াই আনিব লাগে।

বহুতেই ক’ব খোজে যে অকলে খোজ কাঢ়িলে বেছি ভালকৈ আৰু খৰকৈ যাব পাৰি, কিছুমান আকৌ একেলগে খোজ কাঢ়ি ভাল পায় । বিশেষকৈ , প্ৰথমচোৱাত লগত এজনমান থাকিলে ভাল হয় ‌।

খোজকঢ়াৰ সময়খিনি আমাৰ নিজৰ সময় আৰু সেই সময়খিনিতে আমি দিনটোৰ কাৰ্য্যপন্থা ঠিক কৰি ল’ব পাৰো । খোজকঢ়াৰ সময়খিনিতে বহু মানুহৰ লগত চিনাকি হয় আৰু মিলামিছা বাঢ়ে ।

কেতিয়াবা একেলেঠাৰিয়ে সময় নাথাকিলে ১০ বা ১৫ মিনিটকৈ দুবাৰ বা তিনিবাৰ ভাগ ভাগ কৰি খোজকাঢ়িব পাৰি। বিশেষকৈ চাকৰিয়াল সকলে খোজ কাঢ়িবলৈ পৰ্যাপ্ত সময় উলিয়াব নোৱাৰে। তেনে ক্ষেত্ৰত কাৰ্যক্ষেত্ৰ পোৱাৰ কিছু আগৰ পৰা খোজকাঢ়ি গৈ বা অফিচৰ লিফটৰ সলনি চিৰিৰ ব্যৱহাৰৰ দ্বাৰা তেওঁলোকে সুফল পাব পাৰে। কাৰ্মক্ষেত্ৰৰ পৰা আহি সন্ধিয়া পৰতো খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰি।

খোজকঢ়াৰ ফলত মনৰ নতুন উদ্যম আহে, মন ভাল লাগে, দুগুণ উৎসাহেৰে কাম কৰিবলৈ মন যায়। যিসকলে ইতিমধ্যে খোজকঢ়া অভ্যাস কৰিছে তেওঁলোকে তেনেদৰেই থাকক, যিসকলে এতিয়াও ভাবি আছে, তেওঁলোকে অহাকালিৰ পৰাই খোজকাঢ়িবলৈ আগবাঢ়ি আহক।