খৈৰাবাৰী আৰেংপাৰাত ওদালগুৰি জিলা বাথৌ মহাসভাৰ ৩১ সংখ্য বাৰ্ষিক অধিৱেশন সম্পন্ন 

খৈৰাবাৰী আৰেংপাৰাত ওদালগুৰি জিলা বাথৌ মহাসভাৰ ৩১ সংখ্য বাৰ্ষিক অধিৱেশন সম্পন্ন 

অমৰজিৎ ৰাভা, ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা বাথৌ মহা সভাৰ উদ্যোগত খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ সহাযোগত ওদালগুৰি জিলা খৈৰাবাৰী আৰেংপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল জিলা বাথৌ মহাসভাৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশন। বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্ম বিশ্বৰ দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত ৩০টা বছৰে জিলা বাথৌ মহা সভাই এনেদৰে অধিৱেশন অনুষ্ঠিত কৰি আহিছে । সেয়েহে এই বেলি ৩১ সংখ্যক জিলা অধিৱেশনখনি খৈৰাবাৰী আৰেংপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। আজি অন্তিম দিনা পুৱা ১১ বজাত ওদালগুৰি জিলা বাথৌ মহাসভাৰ স্থায়ী সভাপতি কান্দো ৰাম বড়োয়ে সঞ্চালনা কৰা স্বৰ্গিয় অগাৰাম বড়ো সুৱৰণি মুকলি সভাখন বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ সলনি তেখেতৰ সহধৰ্মিনী পাৰুল ভড়ালী বড়োয়ে উদ্ধোধন কৰি নিজৰ ধৰ্ম আগত ৰাখি আন ধৰ্মক সন্মান কৰিব নাজানিলে সেই ধৰ্ম কেতিয়াও শ্ৰেষ্ঠ হ’ব নোৱাৰে।সেয়েহে নিজৰ ধৰ্ম সদায় আগ স্থান দি নিজৰ ধৰ্মীয় সংস্কৃতি , আচাৰ, ৰিতি- নীতি জীয়াই ৰাখিবলৈ সকলো আগুৱাই আহিব লাগে বুলি মুকলি সভা উদ্ধোধনী ভাষণত মন্তব্য কৰে। আনহাতে জিলা বাথৌ মহাসভাৰ সম্পাদক চলেন দৈমাৰীয়ে আগ ধৰা মুকলি সভাত বাথৌ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ বাবে অমূল্য অৱদান আগবঢ়াই অহা প্ৰায় চাৰিগৰাকীকৈ মহান ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। আৰু উক্ত মুকলি সভাত উপস্থিত থাকে ক্ৰমে কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ বিধায়ক দূৰ্গাদাস বড়ো, বিটিআৰ কাৰ্যবাহী দাউৱাইছা বড়ো, ৩১ নং খৈৰাবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়ো, ওদালগুৰি জিলা এবছুৰ সাধাৰণ সম্পাদক নিজৌম বড়ো,খৈৰাবাৰী আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক লাচিত বড়োৰ লগতে কলাইগাও বিধানসভা সমষ্টিৰ প্ৰাক্তণ বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি মহেশ্বৰ বড়োৰ লগতে বাথৌ মহাসভা জিলা আৰু আঞ্চলিকৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিতি প্ৰায় অৰ্ধ সহশ্ৰাধিক ৰাইজৰ সমাগত নিৰ্দিষ্ট বক্তা গুনেশ্বৰ স্বৰ্গিয়াৰীয়ে পৃথিৱীত নিজৰ জাতীয় বৈশিষ্ট আৰু অস্তিত্ব লগতে অধিকাৰ লৈ জীয়াই থাকিবলৈ হলে স্বকিয় ধৰ্ম থাকিবই লাগিব। ধৰ্ম থাকিলেহে ভাষা সংস্কৃতি জীয়াই থাকিব সেয়েহে বড়ো সকলৰ আদিম বাথৌ ধৰ্ম আছে। আৰু ইয়াক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যুৱ চামে ওলাই আহি মহত্ত্ব অধ্যয়ন কৰিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে।