খেল সম্পৰ্কীয় লেখা:- আই, পি, এলৰ জন্ম আৰু ইয়াৰ ইতিহাস
মুন শৰ্মা, লখিমপুৰ, বছাগাঁও
বৰ্তমান ভাৰতত চলি আছে এক ক্ৰিকেট লীগ নাম আই পি এল। সম্পূৰ্ণ নাম ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। বিশ্বৰ ক্ৰিকেট খেল খেলা দেশ সমূহৰ এমুঠি প্ৰতিভাৱান আন্তৰাষ্ট্ৰীয় খেলুৱৈ, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল খেলুৱৈ আৰু ভাৰতৰে বিভিন্ন ৰাজ্যৰ হৈ খেলা কিছু প্ৰতিভাক লৈ বৰ্তমান ১০ টা দলৰ দ্বাৰা এক মাহত কৈ ও অধিক সময় জুৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতা খন সাম্প্ৰতিক সময়ৰ ক্ৰিকেট জগতৰ ভিতৰত সকলোকৈ ধনী আৰু বিশ্বৰ খেল জগতৰ ভিতৰত দ্বিতীয় সকলোতকৈ ধনী প্ৰতিযোগিতা হিচাপে জনা যায়।এই প্ৰতিযোগিতা খন আৰম্ভ হৈছিল ২০০৮চনত। বৰ্তমান ১৫ তম বছৰত ভৰি দিয়া প্ৰতিযোগিতা খনে ভাৰতত প্ৰতি বছৰে দেশ বিদেশৰ ক্ৰিকেট প্ৰেমী ৰ মাজত পাই আহিছে অভাৱনীয় সঁহাৰি আৰু জনপ্ৰিয়তা।ক্ৰিকেট নতুন ফৰ্মেট টি/২০ ত খেলা এই লীগ টো উৎপত্তি উৎপত্তি হোৱাৰ মূলতে আছে এটা কাহিনী, যিটো হ’ল….সময় তেতিয়া ভাৰতীয় দলে বিশ্ব ক্ৰিকেট ইতিহাসত প্ৰথম বাৰলৈ হোৱা টি/২০ বিশ্বকাপ জয়ৰ দুই তিনি বছৰ মান আগৰ।ঠিক সেই সময়তে ভাৰতীয় ক্ৰিকেটৰ আভ্যন্তৰীণত সৃষ্টি হল এক সংঘাত দুটা পক্ষৰ মাজত। এফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড আনফালে ভাৰতৰ প্ৰাক্তন কিছু ক্ৰিকেটাৰ। এটা সময়ত ই অধিক হৈ যোৱাত আৰু কোনো মীমাংসা নোহোৱাত ভাৰতীয় ক্ৰিকেট বৰ্ডে তেওঁলোকৰ উপৰত লগাই দিলে বিভিন্ন ধৰণে প্ৰতিবন্ধকতা। সিফালে সংঘাত লিপ্ত হোৱা প্ৰাক্তন ক্ৰিকেটাৰ সকলে সেই সময়ৰ ভাল ভাল খেলুৱৈ কিছু লৈ আৰম্ভণি কৰিলে এক লীগ ।আৰম্ভনি হৈ গল।ভালে ভালে খেল ও হৈ গল কিন্তু। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ইয়াতে শান্ত নাথাকি আকৌ লগাই দিলে সেই লীগত ভাগ লোৱা সকলো ভাৰতীয় ক্ৰিকেটৰ উপৰত প্ৰতিবন্ধকতা। লগে লগে তাত ভাগ লোৱা বাকী বিদেশী খেলুৱৈ আছিল তেওঁলোকক ও নিজৰ নিজৰ দেশৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে কৰি দিলে দলৰ পৰা বহিষ্কাৰ। ফলত গোটেই বিশ্বৰ ক্ৰিকেট দল সমূহত লাগি গল হাহাকাৰ। কাৰণ যি খিনিক বহিষ্কাৰ কৰিলে তাৰে ভিতৰত অধিক খিনিয়েই তেতিয়াৰ আগশাৰীৰ খেলুৱৈ আছিল।এইবোৰ হৈয়েই কিছু দিন গুচি গল শেষত ক্ৰিকেটৰ ভৱিষ্যত কথা ভাবি বিশ্ব ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে এই সংঘাত খনৰ মাজত সোমাই ইয়াক অন্ত কৰিলে। ফলত লগে লগে আকৌ উভতি আহে ভাৰত আৰু বিশ্বৰ বহিষ্কাৰ হোৱা সকলো খেলুৱৈ নিজৰ নিজৰ নিজৰ দললৈ। আৰু বিশ্ব ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে পাতে প্ৰথম টি/২০ বিশ্বকাপ। য’ত শেষ হাঁহি মাৰে এটা সম্পূৰ্ণ নতুন টিম লৈ অৱতীৰ্ণ হোৱা ভাৰতে।এই দক্ষিণ আফ্ৰিকাত হোৱা এই বিশ্বকাপ জয় কৰি ভাৰতীয় দল ভাৰতত প্ৰবেশ কৰা লগে লগে ক্ৰিকেট পাগল দেশ ভাৰতৰ মানুহহে পালন কৰিলে এটা দীঘলীয়া সময়লৈ আনন্দৰ উৎসৱ। সিফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ভাবিলে অন্য এটা কথা যিটো হ’ল ভাৰতত এখন টি/২০ আৰ্হিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা।ভাবিলে হয় কিন্তু পতা যায় কেনেকৈ। বহু দিন ভাবি গুণী অৱশেষত সিদ্ধান্ত ললে যে সেই প্ৰাক্তন ক্ৰিকেটাৰ সকলে পতা লীগ খনৰ দৰেই পতা হ’ব এইখন প্ৰতিযোগিতা। ভবা মতেই কাম সেই লীগ খনৰ এক প্ৰকাৰে প্ৰায় খিনি নীতি নিয়মৰ গ্ৰহণ কৰিলে। মাত্ৰ নামটো সলনি কৰিলে অৰ্থাৎ প্ৰাক্তন ক্ৰিকেটাৰ সকলে পতা লীগ খনৰ নাম আছিল ইণ্ডিয়ান ক্ৰিকেট লীগ আৰু বৰ্ডে ৰাখিলে নাম ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। সকলো হৈ গ’ল শেষত আৰম্ভ কৰাৰ দিন ধাৰ্য কৰিলে সেয়া হল ২০০৮চন ১৮এপ্ৰিল,বাকী খিনি ইতিহাস।ইয়াৰ ইতিহাসৰ কথা ক’বলৈ গ’লে ২০০৮ৰ পৰা আৰম্ভ হোৱা আই পি এলৰ প্ৰথম খেল হৈছিল কলিকতা আৰু বাংগালোৰ দলৰ মাজত যি দিনাই নিউজিলেণ্ডৰ মহান খেলুৱৈ বেণ্ডেন মেকালাম নামৰ খেলুৱৈ জনে বনাইছিল ১৫০ত কৈ ও অধিক ৰাণ ব্যক্তিগত ভাৱে যিটো হৈ পৰিছিল ৰেকৰ্ড যাক ভাঙিছিল ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ গেইল এ কিছু বছৰৰ পাছত। অৰ্থাৎ প্ৰথম দিনটো তে ইতিহাস হৈ আজি লৈ অজস্ৰ ইতিহাসৰ সাক্ষী হৈ ৰৈ আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। সেই বৰ্ষত প্ৰতিযোগিতা খনৰ ফাইনেল খেলিছিল ৰাজস্থান আৰু চেন্নাই দল দুটাই যত ৰাজস্থান জয় হৈ প্ৰথম আই পি এল থিতাপ নিজৰ নামত কৰিছিল। ইয়াৰ পাছত পৰ্যায়ত ক্ৰমে ক্ৰমে বিভিন্ন দলে থিতাপ জয় কৰিছে যদিও তাৰ ভিতৰত সৰ্বাধিক সংখ্যক জয় কৰিছে মুম্বাই দলে ৫বাৰ তাৰ পাছত চেন্নাই দলে ৪বাৰ কলিকতা দলে ২বাৰ জয় কৰিছে। আৰু কেইটামান দলে এবাৰ কৈ থিতাপ জয় কৰিছে।অন্যহাতে সৰ্বাধিক ফাইনেল খেলা বুলি কলে প্ৰথম চেন্নাই দ্বিতীয় মুম্বাই আৰু তৃতীয় কলিকতা নাম আহে । আকৌ দুৰ্ভাগ্য জনক ভাবে এই প্ৰতিযোগিতাত খনত বাংগালোৰ ,পাঞ্জাব আৰু দিল্লী দলে থিতাপ আজিলৈ দখল কৰিব পৰা নাই।আই পি এলত সৰ্ব প্ৰথমে আছিল ৮টা দল কিন্তু ইয়াৰ সংখ্যা বেছি কৰি বৰ্তমান ইয়াক ১০দলৰ কৰি দিয়া হ’ল।ইয়াৰ উপৰিও কিছু কিছু সময়ত বৰ্তমান থকা দল সমূহৰ উপৰিও আৰু দুটামান দল কেইটামান বছৰ আই পি এলত খেলিছিল যদিও সেই সমূহ দল বিভিন্ন কাৰণত আঁতৰাই দিয়া হয় প্ৰতিযোগিতাৰ পৰা।মন কৰিব লগা যে আই, পি, এল যদিও বহু জনপ্ৰিয় বুলি জনাজাত ঠিক তেনে দৰে মাজে কিছু বিতৰ্কৰ বাবে ও জনাজাত।ইয়াৰ ভিতৰত সকলো কৈ ডাঙৰ বিতৰ্ক হ’ল এবাৰ ইয়াৰ কেইখন মান খেলত কেইজন মান খেলুৱৈ এ খেলা জুৱা । যিটো খেল জগতৰ সকলোকৈ ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয়।যিয়েই প্ৰতিযোগিতা খনৰ গৰিমাত ডাঙৰ দাগ লগাই গৈছে। এই জুৱা বিতৰ্ক বাবে তিনি জন খেলুৱৈ পুলিচৰ হাতত ধৰা দিব লগা হৈছিল যাৰ ভিতৰত ভাৰতীয় আন্তৰাষ্ট্ৰীয় খেলুৱৈ এজনো আছিল। তাৰ উপৰিও এবাৰ মুম্বাইৰ এজন বলাৰে বিপক্ষ এজন খেুৱৈয়ক চৰ মৰা, এবাৰ কলিকতা দলৰ মালিক শ্বাহৰুখ খানে খেলপথাৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকা এজন মানুহ চৰ মৰা আৰু অভদ্ৰ আচৰণ কৰা আদি বহুতো।আচলতে আই পি এল এনে এখন প্ৰতিযোগিতা বা লীগ যত মহান খেলুৱৈ সকলৰ উপৰিও প্ৰতিভা ৱান উঠি অহা দেশ বিদেশৰ প্ৰতিজন খেলুৱৈক নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা দিয়ে কিন্তু বিশ্বৰ এক মাত্ৰ মাত্ৰ পাকিস্তানৰ খেলুৱৈক নিদিয়ে ইয়াৰ সুবিধা। প্ৰথম অৱস্থাত দিছিল যদিও আজি কিছু বছৰৰ পৰা ভাৰত আৰু পাকিস্তনৰ মাজত সম্পৰ্ক ভাল নোহোৱাৰ বাবে এই পথ বন্ধ কৰি দিয়া হল। জানিব লগা যে আই পি এলৰ লগত আমাৰ অসমৰ সম্পৰ্কৰো আছে এটা সম্পৰ্ক। যদিও নাই আমাৰ অসমৰ পৰা কোনো দল প্ৰতিযোগিতা খনত বৰ্তমানলৈ অংশগ্ৰহণ কৰা নাই যদিও দুজন খেলুৱৈ অৰ্থাৎ আবু নাচিম আহমেদ ৰীয়ান পৰাগে খেলিবলৈ সুযোগ পাই অসমৰ নাম লিখি ৰাখিছে।লগতে বৰ্তমান চলি থকা বৰ্ষত দুখনকৈ আই পি এলৰ খেল গুৱাহাটী বৰ্ষাপাৰা খেলপথাৰত অনুষ্ঠিত হৈ গৈছে যিটো ভৱিষ্যতে অধিক হোৱাৰ সম্ভাৱনা আছে।উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হয় মাত্ৰ ভাৰতত কিন্তু দুটামান বছৰ দেশত কিছু অসুবিধা আৰু কভিদৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা নাছিল অৰ্থাৎ দক্ষিণ আফ্ৰিকা,ডুবাই, আবু ধাবি আদি ঠাইত ই অনুষ্ঠিত হৈছিল।