খানামুখত “অংগনা”ৰ শিশু নাট কর্মশালা

খানামুখত “অংগনা”ৰ শিশু নাট কর্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আগশাৰীৰ নাট্য গোষ্ঠী “অংগনা”ৰ উদ্যোগত পশ্চিম গুৱাহাটীৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সমূহীয়া ভৱনত যোৱা ১২ মার্চৰ পৰা আৰম্ভ হৈছে সাতদিনীয়া এক শিশু নাট কর্মশালা । কৰ্মশালাত অভিনয়ৰ লগতে নৃত্য, অংগ সঞ্চালন, সাজসজ্জা, মঞ্চসজ্জা, পোহৰ, আৱহ সঙ্গীত আদি বিষয় সমূহৰ ওপৰতো ভাগ লোৱা শিশু প্রশিক্ষার্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও কর্মশালাখনত শিশুৰ মানসিক বিকাশত সাধুকথাৰ ভূমিকা আৰু প্রয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হৈছে। আনহাতে কৰ্মশালাখনত মুখ্য প্রশিক্ষক হিচাপে ভাগ লৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জ্বলা বৰ্মন (পিংকী ) , অভিনেতা বদন কলিতা, আৰু অভিনেত্ৰী মণিতা বৰা (সৰু আই) । প্রায় ত্রিশ গৰাকী শিশু প্রশিক্ষার্থীয়ে ভাগ লোৱা কর্মশালাখন অতি সুচাৰুৰূপে আয়োজন কৰা বাবে স্থানীয় ৰাইজে “অংগনা”ৰ শলাগ লৈছে । ১৯ মাৰ্চত কৰ্মশালাৰ সামৰণি পৰিব আৰু সিদিনা শিশু প্ৰশিক্ষাৰ্থী সকলে অনুষ্ঠান পৰিৱেশন কৰিব।