খানাপাৰাত এক লাখ বন্তিৰে উষ্ম আদৰণি প্রধানমন্ত্রী নৰেন্দ্র মোদীক

খানাপাৰাত এক লাখ বন্তিৰে উষ্ম আদৰণি প্রধানমন্ত্রী নৰেন্দ্র মোদীক

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্র মোদীক এক লাখ বন্তিৰে উষ্ম আদৰণি জনালে ৰাজ্যিক বিজেপিয়ে। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাবলৈ ৰাজ্যিক বিজেপিৰ মহিলা মর্চাই খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রজ্বলন কৰিলে এক লাখ বন্তি। সমগ্র খেলপথাৰখনৰ চৌপাশে বন্তি প্রজ্বলনৰ লগতে মঞ্চৰ সন্মুখত বেলকাম মোদীজীৰে বন্তি প্রজ্বলন কৰি মহিলা মৰ্চাৰ সদস্যসকলে এক ব্যতিক্রমী পৰিৱেশৰ সৃষ্টি কৰে।