খাইৰ প্ৰকাশনৰ উদ্যোগত মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’

খাইৰ প্ৰকাশনৰ উদ্যোগত মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি বিয়লি মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। ব্যতিক্ৰমী কাব্যানুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট কবি মুহাম্মাদ আফজালে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ‘বাটৰ কবিতা’ৰ সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী কবি খাইৰুল ইছলামে। কাব্যানুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ৰাজমোহন নাথ, খাইৰুল ইছলাম, ইয়াছমিনাৰা বেগম, জিন্নাতুল ইছলাম, খালিদ মহম্মদ জাকাৰীয়া হুছেইন, মুহাম্মাদ আফজাল আৰু অলি উল্লাহ খানে। লগতে উত্তৰ কটহগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিন্নাতুল ইছলামে ডঃ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত আৰু ধিং পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰাজমোহন নাথে অতি মনোগ্ৰাহীকৈ এটি ভক্তিমূলক গীত পৰিৱেশন কৰি উপস্থিত কাব্যপ্ৰেমী ৰাইজক আপ্লুত কৰে। সঞ্চালক মুহাম্মাদ আফজালে নিজৰ বক্তব্যত অসমীয়া কবিতাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যেৰে নিত্য নতুন পৰীক্ষা-নিৰীক্ষাৰে নৱ নৱ কবিতাৰ ধাৰা সৃষ্টিৰ বাবে কবিসকলক আহ্বান জনায় আৰু কবিতাক অধিক জনমুখী কৰিবলৈ নৱ প্ৰজন্মৰ মাজত কবিতাৰ আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে কাব্যানুষ্ঠানৰ লগত সংগতি ৰাখি খাইৰ প্ৰকাশনৰ উদ্যোগত কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজালৰ সম্পাদনাৰে ২০২২ বৰ্ষৰ ১০ এপ্ৰিলত পঠিত কবিতাসমূহৰ এক সংকলন প্ৰকাশ পায় ‘বাটৰ কবিতা’ (এপ্ৰিল সংখ্যা) নামেৰে। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।
মৈৰাবাৰী।