কৰ্ম অনুযায়ী ফল নিৰ্ধাৰিত হৈ থাকে – শৈলেন কুমাৰ

কৰ্ম অনুযায়ী ফল নিৰ্ধাৰিত হৈ থাকে 

 শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

কৰ্মই মানুহৰ ধৰ্ম, সকলো মানুহে সৰুবৰ সকলো কৰ্মতে কৰ্মৰত, কৰ্মৰ সৰুবৰ নাই বুলি জ্যেষ্ঠজনৰ পৰা শুনি আহিছোঁ ৷ ভাল কৰ্মৰ ফল ভাল আৰু বেয়া কৰ্মৰ ফল বেয়া বুলি আমি জানো কি কৰ্ম ভাল আৰু কি কৰ্ম বেয়া সেয়া জানিবলৈ আমি এটা কাহিনীৰ মাধ্যমৰে জানিবলৈ প্ৰয়াস কৰোঁ আহক ৷ হেৰম্ব এজন দুখীয়া মাছমৰীয়া ৷ দিনৰদিনটো সি নদীত মাছ মাৰে আৰু সন্ধিয়া বজাৰত বিক্ৰী কৰে, তেনেকৈয়ে সি পৰিয়ালটোক পোহপাল দি আহিছে ৷ বাকীবোৰ মাছমৰীয়াৰ তুলনাত হেৰম্বৰ মাছমৰাৰ কৌশল পৃথক যাৰবাবে সি মাছ বেছিকৈ পায় ৷ লগৰ মাছমৰীয়াবোৰে মুখত নকয় যদিও পেটেপেটে হেৰম্বক হিংসা আৰু ঈৰ্ষা কৰে ৷ কিছুদিনৰ পৰা জালত মাছ পৰা নাই,মৰুভূমিত পানীৰ অকাল হোৱাৰ দৰে নদীটো এইটো সময়ত মাছৰ অকাল পৰিছে ৷ তাৰমাজতো হেৰম্বই নিজস্ব কৌশলী পদ্ধতিৰে মাছ ধৰি যেনেতেনে নিজৰ হাজিৰা ওলাই আছে ৷ এই দৃশ্য লগৰ মাছমৰীয়া সকলে প্ৰত্যক্ষ কৰি জ্বলিপকি মৰিছে ৷হিংসা আৰু ঈৰ্ষাৰ বশৱৰ্তী হৈ লগৰ মাছমৰীয়া সকলে গৈ মহলদাৰৰ কাণ ভৰালে ৷ কৰ পৰিশোধ নকৰাকৈ হেৰম্বই নদীত অহৰহ মাছমাৰি আছে ৷ লগৰ মাছমৰীয়াৰ কথাত মহলদাৰ খঙত অগ্নিশৰ্মা হৈ নদীৰ ঘাটলৈ ধাপলি মেলিলে ৷ মহলদাৰ এজন দয়াহীন অতি অত্যাচাৰী ব্যক্তি ৷ ঘাটত উপস্থিত হৈ মহলদাৰে হেৰম্বক মাছমাৰি থকা দেখা পালে, সেইদিনাখন হেৰম্বই দহৰ পৰা পোন্ধৰ কিলো ওজনৰ এটা আৰি মাছ চিকাৰ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথমে মহলদাৰে হেৰম্বক গুৰুলাগুৰুলকৈ মাৰপিট কৰিলে তাৰপাছত হেৰম্বৰ জাল ফালি ছিঙি নদীত পেলাই দিলে আৰু হেৰম্বই পোৱা মাছটো তাৰ পৰা কাঢ়ি মহলদাৰ ঘৰমুৱা হ’ল ৷ ঘৰ আহি থকা পথত মাছটোৱে মহলদাৰৰ আঙুলিত কামোৰিলে৷ মহলদাৰে দৌৰাদৌৰিকৈ চিকিৎসকৰ ওচৰপালে ৷ চিকিৎসকে মহলদাৰৰ আঙুলিত বেণ্ডেজ লগাই দিয়ে ৷ তাৰে কিছুদিন পিছত যেতিয়া মহলদাৰে বেণ্ডেজ খুলিলে তেতিয়া আঙুলিটোৰ পৰা আৰু অধিক তেজ ওলাবলৈ ল’লে ৷ তেতিয়া মহলদাৰ ডক্তৰৰ ওচৰত গ’লে,ডক্তৰে মহলদাৰৰ আঙুলি কাটিব লাগিব বুলি পৰামৰ্শ দিলে কাৰণ যদি আজি মহলদাৰে আঙুলি নাকাটে তেতিয়া হ’লে হাতখন কাটিব লগীয়া হ’ব পাৰে ৷ তেতিয়া চিকিৎসকৰ কথামতে মহলদাৰে নিজৰ আঙুলি কাটি পেলালে আৰু বেণ্ডেজ লগাই দিয়া হ’ল ৷ বহুদিন যোৱাৰ পাছতো মহলদাৰৰ ঘাঁ শুকোৱা নাই, মহলদাৰ আকৌ ডক্টৰৰ ওচৰ পালে ৷ ডক্টৰে বেণ্ডেজ খুলি চালে তেতিয়াওঁ ঘাঁ শুকোৱা নাই, ঘাঁ শুকুৱাই নযোৱা পৰ্যন্ত ডক্টৰে অলপ অলপকৈ মহলদাৰৰ গোটেই হাতখন কাটি পেলালে ৷ যিখন হাতেৰে মহলদাৰে মাছমৰীয়া হেৰম্বক প্ৰহাৰ কৰিছিল সেইখন হাত মহলদাৰৰ শৰীৰৰ পৰা বিচ্ছিন্ন হ’ল, মনৰ বেজাৰত মহলদাৰে অনুতপ্ত হৈ মাছমৰীয়া হেৰম্বৰ কাষচাপিল,মহলদাৰে হেৰম্বক প্ৰশ্ন কৰিলে “ এয়া তুমি মোৰ লগত কি কৰিলা ? তেতিয়া হেৰম্বই উত্তৰ দিলে “ মই একো কৰা নাই মহলদাৰ বাবু মাত্ৰ ভগৱানক এটাই কথা কৈছোঁ “ হে ভগৱান মহলদাৰে মোক তাৰ শক্তি দেখুৱালে গতিকে ভগৱান তুমিও যেন তোমাৰ শক্তি মহলদাৰক দেখুওৱা তাকে প্ৰাৰ্থনা কৰিলোঁ ৷ উক্ত কাহিনীটোৰ পৰা আমি কি বুজিব পাৰোঁ,যদি আমি অসহায়,দুৰ্বল,নিৰীহ জনক আমি বৰবৰ অত্যাচাৰ, নিৰ্যাতন কৰোঁ তেতিয়া হ’লে তাৰে ফল ভুগিবলৈ ও আমি প্ৰস্তুত থাকিব লাগিব ৷