কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত কবিতা আৰু চুটিগল্প সম্পৰ্কীয় কৰ্মশালা

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত কবিতা আৰু চুটিগল্প সম্পৰ্কীয় কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘সৃজনীমূলক সাহিত্যঃ কবিতা আৰু গল্পৰ নিৰ্মাণ কৌশল’ বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত হয়৷ অধ্যক্ষা ড°শিখামণি কোঁৱৰে আদৰণি ভাষণত মন্তব্য কৰে এই ধৰণৰ আলোচনাই সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক সহায় কৰিব৷ দক্ষতা বিকাশ পাঠ্যক্ৰমৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে আয়োজন কৰা কৰ্মশালাখনিত সমল ব্যক্তি কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ অধ্যাপিকা , বিশিষ্ট কবি আৰু অনুবাদক লুটফা হানুম ছেলিমা বেগমে বিষয়টি বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোচনা কৰে৷ কবিতা আৰু চুটিগল্পৰ নিৰ্মাণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অনুভুতি আৰু অভিজ্ঞতাৰ প্ৰয়োজন সেই কথা তেওঁ অৱগত কৰে ৷ দৈনন্দিন জীৱনৰ অভিজ্ঞতাবোৰেই কবিতা আৰু গল্প নিৰ্মাণৰ বিষয়-বস্তু, ইয়াৰ লগতে আৱশ্যক হয় গঠন কৌশলৰ৷ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ দক্ষতা বিকাশ পাঠ্যক্ৰমৰ প্ৰায় পঞ্চাশ জন ছাত্ৰ-ছাত্ৰী এই কৰ্মশালাত উপস্থিত থাকে৷ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড°মৌচুমী বৰদলৈ হাজৰিকাই, সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে সহকাৰী অধ্যাপক বিজু ৰাজখোৱাই আৰু অনুষ্ঠানৰ শেষত শলাগৰ শৰাই যাচে সহকাৰী অধ্যাপক দিগন্ত শৰ্মাই৷