কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত হিতেশ্বৰ শইকীয়াৰ মৃত্যু-বাৰ্ষিকী-স্মৃতিচাৰণ সভা

pc ETv Bharat

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত হিতেশ্বৰ শইকীয়াৰ মৃত্যু-বাৰ্ষিকী-স্মৃতিচাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-   মহানগৰীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ২৬ সংখ্যক মৃত্যু-বাৰ্ষিকীত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ কলেজ প্ৰাঙ্গণত অনুষ্ঠিত এই সভাত অধ্যক্ষা ড° শিখামণি কোঁৱৰে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে আৰু হিতেশ্বৰ শইকীয়াৰ জীৱনৰ এক চমু অৱলোকন কৰে৷অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে৷মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷