কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস উদ্‌যাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উদ্যোগত আৰু ইউনিভাৰ্চিটি অৱ চাইন্সএণ্ড টেকনলজি, মেঘালয়ৰ সহযোগত এমঅইউৰ অংশ হিচাপে বিশ্ব ধৰিত্ৰী দিৱস উদ্‌যাপন কৰা হয়৷অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অধ্যক্ষা ড° শিখামণি কোঁৱৰৰ আদৰণি ভাষণেৰে৷ আদৰণি ভাষণত ড° কোঁৱৰে ধৰিত্ৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী সহকাৰী অধ্যাপক ভাষ্যজ্যোতি তালুকদাৰে প্ৰকৃতিৰ ভাৰসাম্যতাৰ বিষয়ে বক্তব্য দাঙি ধৰে৷ইউএছটিএমৰ সহকাৰী অধ্যাপক কিটবকলাং চুনে  অনুভূমিক বা ওলমা বাগিচাৰ প্ৰয়োজনীয়তা তথা ব্যৱহাৰৰ বিষয়ে বক্তব্য দাঙি ধৰে৷ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি কিছু গছৰ পুলি ৰোপন কৰা হয়৷ লগতে মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰকৃতিৰ বিষয়ে অংকন কৰা চিত্ৰৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত ইউএছটিএম আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী  উপস্হিত থাকে৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ইউএছটিএমৰ আৰ্থ চাইন্স বিভাগৰ অধ্যাপিকা ড° কংকনা বৰাই ৷