কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰা আৰক্ষীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হ’বঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰা আৰক্ষীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হ’বঃ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰা আৰক্ষীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হ’ব সেৱাৰ পৰা। মুখ্যমন্ত্ৰীৰ সৈতে আৰক্ষী অধীক্ষকৰ উচ্চস্তৰীয় বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ।উল্লেখ্য যে, বুধবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় আৰক্ষী অধীক্ষক সকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক। এই বৈঠকত বৰ্ধিত কল্যাণমূলক পদক্ষেপেৰে শাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ অনা আৰু প্ৰশাসন আৰু আৰক্ষী বিভাগৰ মাজত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়।এই বৈঠকৰ পিছতে টুইটযোগে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দি কয় যে ১৪ ঘণ্টীয়া বৈঠকখনত বৰ্ধিত কল্যাণমূলক পদক্ষেপ আৰু অধিক সংস্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ সৈতে শাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ অনাৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰা হয়।