কৰ্ণাটকৰ মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সাত বিস্ফোৰণ 

Pc NDTV.com

কৰ্ণাটকৰ মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সাত বিস্ফোৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শনিবাৰে কৰ্ণাটকৰ মাংগালুৰুত এখন চলন্ত অ’টোৰিক্সা বিস্ফোৰিত হৈ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটোত অ’টোৰিক্সাৰ চালকসহ এজন যাত্ৰী অগ্নিকাণ্ডত জাঁহ যায়। ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। আৰক্ষীয়ে শ্বেয়াৰ কৰা ঘটনাৰ চিচিটিভি ফুটেজত অ’টোৰিক্সাখন সামান্য বিস্ফোৰণৰ পিছত জুই লাগি থকা দেখা গৈছে। আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰিছে। কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ ছুদে দেওবাৰে মাংগালুৰুত চলন্ত অটোৰিক্সাত হোৱা বিস্ফোৰণটো সন্ত্ৰাসবাদী ঘটনা বুলি জানিবলৈ দিয়ে। ডিজিপিয়ে টুইট কৰি কয়, ‘এতিয়া নিশ্চিত হৈছে। বিস্ফোৰণটো কোনো দুৰ্ঘটনা নহয়, সন্ত্ৰাসবাদীৰ কাৰ্য। যাৰ উদ্দেশ্য আছিল গুৰুতৰ ক্ষতি কৰা। কৰ্ণাটক ৰাজ্যৰ আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে এক সম্যক তদন্ত অব্যাহত ৰাখিছে।শনিবাৰে সন্ধিয়া এখন আৰক্ষী থানাৰ সমীপত এখন অটোৰিক্সাত বিস্ফোৰণত এজন যাত্ৰী আৰু চালক আহত হয়। দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।