কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে মৃত্যু শিশুসহ পাঁচজনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কৰিমগঞ্জৰ নিলাম বজাৰ এলেকাৰ বেৰাজাল’ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত শিশুসহ পাঁচজন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনা গুৰুতৰ আহত হয় কেইবাজনো লোক। অসম-ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এখন অট’ৰিক্সা আৰু এখন হুণ্ডাই ভেনু গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত অট’ৰিক্সাখনৰ নম্বৰ AS 10BC 2061 আৰু ভেনু গাড়ীখনৰ নম্বৰ AS 11S 8323। অটোৰিক্সা আৰু এখন হুণ্ডাই ভেন্যু বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত লোককেইজনৰ মৃত্যু হয় । আনহাতে আহতসকলক ততাতৈয়াকৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।নিহতসকলৰ ভিতৰত আছে অটো চালক ৰহুল আলম। ৰুহুলৰ ঘৰ পাথাৰকান্দিৰ চান্দখিৰা এলেকাত। দুৰ্ঘটনা সংঘটিত কৰি দুয়োখন বাহন বাগৰি পৰে পথৰ দাঁতিত থকা পথাৰত। ঘটনাৰ পিছত ক্ষুব্ধ ৰাইজে কিছু সময়ৰ বাবে পথ অৱৰোধ কৰে। ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।