ক্ৰমাৎ অসম ক’ভিড মুক্ত হোৱাৰ দিশে অগ্ৰসৰ

pc WHO

ক্ৰমাৎ অসম ক’ভিড মুক্ত হোৱাৰ দিশে অগ্ৰসৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ক্ৰমাৎ ক’ভিড মুক্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ৰাজ্যখনত নতুনকৈ দুজন ৰোগীয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ সংখ্যাই ৭ লাখ ১৬ হাজাৰ ২০০ অতিক্ৰম কৰিছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত কোনো লোকৰ দেহত ক’ভিডৰ সংক্রমণ ধৰা পৰা নাই। সেই অনুসাৰে, ৰাজ্যত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ১৮. ১০ শতাংশ হৈছে। ৰাজ্যত সম্প্ৰতি ৭ জন চিকিৎসাধীন ক’ভিড ৰোগী আছে। ৰাজ্যখনত এতিয়ালৈকে ক’ভিড প্রতিষেধকৰ ৪ কোটি ৪০ লাখ ৫৮ হাজাৰৰো অধিক পালি প্রদান কৰা হৈছে। ইয়াৰে ২ কোটি ৩৬ লাখ ৫ হাজাৰৰো অধিক প্ৰথম আৰু ২ কোটি ১ লাখ ৫৬ হাজাৰৰো অধিক দ্বিতীয় পালি হিচাপে দিয়া হৈছে। তদুপৰি ৰাজ্যত বৰ্তমানলৈকে ২ লাখ ৯৬ হাজাৰ ১৯০ জন লোকক সতর্কতামূলক পালি প্ৰদান কৰা হৈছে।