কোভিড-১৯ৰ মাজত চিকিৎসা সামগ্ৰীৰ যোগান বৃদ্ধিক ডব্লিউটিঅ’য়ে আগ্ৰহেৰে সঁহাৰি দিব নোৱাৰিলে

pc Business Today

কোভিড-১৯ৰ মাজত চিকিৎসা সামগ্ৰীৰ যোগান বৃদ্ধিক ডব্লিউটিঅ’য়ে আগ্ৰহেৰে সঁহাৰি দিব নোৱাৰিলে

ৰঙিলী বাৰ্ত্তাসেৱা-  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে  বিশ্ব বাণিজ্য সংস্থাৰ দ্বাদশ মন্ত্ৰীসন্মিলনত (এমচি) ভাষণ দি কয় যে “মোৰ দেশে বিশ্বব্যাপী চিকিৎসা আৰু স্বাস্থ্য সামগ্ৰী প্ৰদান কৰাৰ বাবে চিকিৎসা সামগ্ৰীৰ যোগান বৃদ্ধি কৰিছে। দুৰ্ভাগ্যবশতঃ, ডব্লিউটিঅ’য়ে আগ্ৰহেৰে সঁহাৰি দিব নোৱাৰিলে। আমি এলডিচি আৰু উন্নয়নশীল দেশসমূহৰ লোকসকলক হতাশ কৰিছো। ধনী দেশবোৰে আত্মনিৰীক্ষণ কৰিব লাগিব! সময়মতে মহামাৰীৰ প্ৰতি সঁহাৰি জনাব নোৱাৰাৰ বাবে আমি লাজত মূৰ তল কৰিব লাগিব,” তেওঁ কয়।