কোভিড কাল আৰু বিদ্যালয়ত পাঠদান- ডা: যুতিকা ওজা

কোভিড কাল আৰু বিদ্যালয়ত পাঠদান

ডা: যুতিকা ওজা

অধ্যাপিকা, কমিউনিটী মেডিচিন বিভাগ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

 

২০২০ চনৰ পৰা এতিয়ালৈকে সকলোকে ভীতিগ্ৰস্ত কৰি ৰখা ৰোগটো হৈছে কোভিড-১৯। ২০১৯ চনৰ ডিচেম্বৰ মাহত চীনত প্ৰথমে দেখা দিয়া এই ৰোগে পৃথিৱীৰ সকলো দেশকে সাঙুৰি লৈছে। এই ৰোগৰ ভয়াবহতা অতি বেছি আৰু অতি সংক্ৰমনশীল এই ৰোগে যিকোনো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে।

     অতি সহজে এজনৰ পৰা আনজনলৈ বিয়পিব পৰা এই ৰোগৰ বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট ঔষধ নাই। এই ৰোগৰ দ্বাৰা আক্ৰান্ত  লোকৰ প্ৰায় ৭০ শতাংশৰে কোনো লক্ষণ দেখা নিদিয়ে বা সাধাৰণ লক্ষণ দেখা দিয়ে। কিন্তু তেওঁলোকৰ পৰাও অন্য ব্যক্তিলৈ এই ৰোগ সংক্ৰমিত হʼব পাৰে। এই ৰোগৰ পৰা পৰিত্ৰান পাবলৈ আৰু বিশেষকৈ সৰু লʼৰা-ছোৱালী যাতে আক্ৰান্ত নহয় তাৰ বাবে বিদ্যালয় সমূহ বন্ধ ৰাখি অনলাইন পাঠদান(Online class) ৰ ব্যৱস্থা কৰা হৈছিল।

     কোভিড-১৯ৰ প্ৰথম ঢৌত ডাঙৰৰ তুলনাত সৰু লʼৰা-ছোৱালীৰ আক্ৰান্তৰ সংখ্যা তুলনামূলক ভাৱে কম আছিল আৰু আক্ৰান্তসকলৰ অতি কম সংখ্যকহে গুৰুতৰ পৰ্য্যায় পাইছিলগৈ। প্ৰথম ঢৌত আক্ৰান্তসকলৰ ভিতৰত ২০ বছৰৰ তলৰ মাত্ৰ ১২ শতাংশহে আক্ৰান্ত হৈছিল। এইসকলৰ বহুতৰে লক্ষণ যেনে জ্বৰ, কাঁহ, ডায়েৰিয়া, গোন্ধ নোপোৱা বা খোৱা বস্তুৰ সোৱাদ নোপোৱা আদিয়ে দেখা দিছিল। সৰু লʼৰা-ছোৱালী আৰু বয়োজ্যেষ্ঠ সকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দেখা গৈছিল। এই ৰোগ প্ৰতিৰোধৰ বাবে যিহেতু সামাজিক দূৰত্ব বজাই ৰখা, হাতদুখন ভালদৰে ধোৱা আৰু মাস্ক পৰিধান কৰা অতি প্ৰয়োজন সেইবাবে ইয়াৰ লগতে সামাজিক প্ৰতিষ্ঠানসমূহৰ লগতে বিদ্যালয় সমূহো বন্ধ কৰি দিয়া হৈছিল।

     বৰ্তমান কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পোৱা বাবে বিদ্যালয়সমূহ পুনৰ খোলাৰ ব্যৱস্থা কৰা হৈছে। স্কুল বন্ধ ৰখাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত বহুত ক্ষতি হৈছে। বিগত দিনবোৰত তেওঁলোকৰ মাজত এক ভয় আৰু শংকাই বিৰাজ কৰাৰ লগতে অনবৰতে ঘৰত সোমাই থাকিবলগীয়া হোৱা বাবে মানসিকভাৱেও দূৰ্বল হৈ পৰিছিল। খেলা-ধূলা, ৰং ধেমালি আদিবোৰ প্ৰায় বন্ধ হোৱাৰ নিচিনা হৈছিল। লগতে মোক-দেউতাক, অভিভাৱক সকলৰো বহুত অসুবিধা হৈছিল। চৰকাৰী বিদ্যালয়সমূহত যোগান ধৰা খাদ্য নোহোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল। বিদ্যালয়সমূহ পুনৰ খোলাৰ পিছত তেওঁলোকৰ শৈক্ষিক দিশৰ লগতে গঠনমূলক চিন্তাধাৰা, মানসিক বিকাশৰো উৎকৰ্ষ সাধন হʼব বুলি ভবা হৈছে।

     অৱশ্যে, বিদ্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰাৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক সকলৰো দায়িত্ব বৃদ্ধি পাব। পুনৰ যাতে কোভিড-১৯ৰ সংক্ৰমন নহয় তাৰ প্ৰতি সকলোৱে সচেতন হʼব লাগিব। মাক, দেউতাক বা অভিভাৱক সকলে ঘৰতে লʼৰা ছোৱালী সামাজিক দূৰত্ব বৰ্তাই চলা, সঠিকভাৱে মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আদিৰ প্ৰয়োজনীয়তা ভালদৰে বুজাই কʼব লাগিব। য়িহেতু সৰু লʼৰা-ছোৱালীসকলে উপৰোক্ত নিয়মাৱলীসমূহ মানি চলিবলৈ অসুবিধা পায়, সেয়েহে অভিভাৱক সকল এই ক্ষেত্ৰত আগতকৈ বেছি সজাগ হʼব লাগিব। স্কুল অহাযোৱা কৰোতে যাতায়াতৰ ক্ষেত্ৰতে উপৰোক্ত বিধিসমূহ মানি চলাটো নিতান্তই প্ৰয়োজনীয় হʼব।

     বহুত দিনৰ বিৰতিৰ পিছত বিদ্যালয় যোৱাৰ বাবে লʼৰা ছোৱালীসকল পৰিস্থিতিৰ লগত খাপ খোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হʼব। এইক্ষেত্ৰত শিক্ষক সকলৰ ভুমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হʼব।

  • বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ভালদৰে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিব। পাঠদান আৰম্ভ হোৱাৰ আগতে আৰু স্কুল ছুটী হোৱাৰ পিছত শ্ৰেণীকোঠাসমূহৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগিব।
  • স্কুলৰ চৌপাশ ভালদৰে পৰিষ্কাৰ আৰু চাফ-চিকুলকৈ ৰাখিব লাগিব।
  • স্কুলৰ প্ৰতিটো কোঠাতেই বিশুদ্ধ বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে যাতে কোঠাবোৰ শুকান আৰু পৰিষ্কাৰ হৈ থাকে।
  • ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই জিৰণিৰ সময়ত টিফিন মিলিজুলি খায়। কিন্তু বৰ্তমান এই পৰিস্থিতিত এনে কৰাতো একেবাৰেই অনুচিত। প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে এই বিষয়ে অৱগত কৰাটো অতি দৰকাৰী। খোৱাৰ সময়ত মাস্কখন খুলি ৰখা হয় বাবে শিক্ষকসকলে এই সময়ত মনযোগ দিয়া উচিত।
  • খেল-ধেমালিৰ ক্ষেত্ৰতো যাতে কোভিড নিয়মাৱলীৰ অৱজ্ঞা কৰা নহয় তাক মন কৰা উচিত।
  • বিদ্যালয়সমূহত বিশুদ্ধ পানীৰ ব্যৱস্থা থকাটো দৰকাৰ।
  • বিদ্যালয়সমূহৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ সমূহো পৰিষ্কাৰ হৈ থকা প্ৰয়োজনীয়।
  • স্কুলৰ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো সকলোখিনি বিধি মানি চলাটো প্ৰয়োজনীয় হʼব।
  • যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ গা-বেয়া লাগিছে বা জ্বৰ, কাহ, পানীলগা আদি হৈছে তেতিয়া অভিভাৱকে তেওঁলোকক বিদ্যালয়লৈ পঠাব নালাগে। লগতে সেই শিশুৰ লগতে তেওঁৰ ওচৰত বহা অন্যান্য শিশু সকলৰো কোভিড- পৰীক্ষা কৰিব লাগিব।
  • যদি কোনো শিশু হাপানী, শ্বাসতন্ত্ৰ ৰ ৰোগ, বৃক্কৰ ৰোগ, হৃদযন্ত্ৰ ৰোগ আদিৰ দ্বাৰা আক্ৰান্ত হৈ আছে; তেনে ক্ষেত্ৰত অভিভাৱকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ অধিক সচেতন হʼব লাগিব।
  • যদিহে কোনো ছাত্ৰ-ছাত্ৰী কোভিডৰ দ্বাৰা আক্ৰান্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি হয় তেন্তে তেওঁৰ খবৰ ৰখাটো প্ৰয়োজন হʼব।
  • যিহেতু ১৮ বছৰ বয়সৰ তলৰ লʼৰা-ছোৱালীক এতিয়ালৈকে কোভিড প্ৰতিষেধক টীকা দিয়া হোৱা নাই, তাৰ বাবে আমি অধিক সচেতন হʼব লাগিব।
  • ১৮ বছৰ বয়সৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলে কোভিড-১৯ৰ দুই পালি প্ৰতিষেধক টীকা লৈছেনে নাই, তাক সুনিশ্চিত কৰা আৱশ্যক হʼব। লগতে সমূহ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰীসকলেও প্ৰতিষেধক টিকা সম্পূৰ্ণকে লোৱাৰ দৰকাৰ। মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু শিক্ষামিত্ৰ সকলকো দুই পালি টীকা লোৱা সুনিশ্চিত কৰিব লাগিব।

স্কুল কৰ্তৃপক্ষ, অভিভাৱক আৰু নিকটৱৰ্তী চিকিৎসালয়ৰ চিকিৎসক, স্বাস্থ্যকৰ্মী সকলৰ মাজত সমন্বয় ৰখাটো প্ৰয়োজন হʼব। স্কুলত কাৰোবাৰ গা বেয়া হʼলে অনতিপলমে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। স্কুলৰ প্ৰতিটোকোঠাৰ বাহিৰত সঠিকভাৱে চেনিটাইজাৰৰখাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল যাতে ছাত্ৰ-ছাত্ৰীসকলে তাৰ ব্যৱহাৰৰ দ্বাৰা হাত দুখন বীজাণুমুক্ত কৰিৰাখিব পাৰে। চাবোন পানীৰে হাত ধোৱাৰ সঠিক প্ৰণালী ছাত্ৰ-ছাত্ৰীসকলক জনোৱাৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি মাস্কখন যাতে শুদ্ধকৈ পৰিধান কৰে তাকো ভালদৰে দেখুৱাই দিব লাগিব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তো যাতে সামাজিক দূৰত্ব মানি চলা হয়, তাৰ বাবে শিক্ষক তথা বিদ্যালয় কতৃপক্ষই সচেতন হʼব লাগিব।

     সজাগতাই কোভিড-১৯ নিয়ন্ত্ৰণৰ মূল ছাবি কাঠি। কোভিড নিয়ন্ত্ৰণৰ বিধি সমূহ মানি চলি আমি নিশ্চয়কৈ পুনৰ স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰি আহিব পাৰিম।