কোকৰাঝাৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ অধিৱেশন

কোকৰাঝাৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ অধিৱেশন। এসময়ৰ হত্যা-হিংসাৰ বধ্যভূমি বিটিআৰৰ কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অসম বিধানসভা অধিৱেশনৰ প্রথম দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ বিধান পৰিষদীয় ভৱন আৰু বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰ ন-ৰূপত সজাই তোলা হয়। কোকৰাঝাৰ চহৰৰ বাট-পথৰ দুয়োকাষে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ ফটোসম্বলিত বেনাৰ-প’ষ্টাৰ লগাই চহৰখন সুন্দৰ ৰূপত সজাই তোলে। বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগতে গুৱাহাটীৰ পৰা পাঁচখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ চাৰ্টাৰ্ড বাছেৰে মন্ত্ৰী-বিধায়কসকল কোকৰাঝাৰলৈ ৰাওনা হয়। ৰাজ্যপাল, বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীকে ধৰি দিছপুৰৰ পৰা অহা মন্ত্ৰী-বিধায়কসকলক বিটিচি বিধান পৰিষদীয় ভৱনলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক নৃত্যৰে আদৰি নিয়া হয়। দুপৰীয়া ১২ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ভাষণ প্ৰদান কৰে। অথর্ব বেদৰ এটা সংস্কৃত শ্লোকেৰে ভাষণ আৰম্ভ কৰি ৰাজ্যপাল আচাৰ্যই কয় যে অসম সদায় এখন মহানতা, প্রজ্ঞা আৰু সাহসৰ ৰাজ্য। পুৰাণকে ধৰি আমাৰ প্ৰাচীন শাস্ত্ৰসমূহে ভাৰতবৰ্ষৰ ইতিহাসত থকা ইয়াৰ গভীৰ শিপাৰ কথাকে কৈছে। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ নিচিনা শক্তিশালী ৰাজ্যসমূহে আমাৰ সভ্যতাক গঢ়ি দিছিল। আনহাতে কোচৰজা আৰু আহোম বংশই আমাৰ ঐতিহ্যক সমৃদ্ধ কৰিছিল। মা কামাখ্যাৰ আশীৰ্বাদৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আধ্যাত্মিক পথ প্রদর্শনেৰে অসম হৈছে শক্তি আৰু সংস্কৃতিৰ আলোকস্তম্ভ স্বৰূপ। লাচিত বৰফুকনৰ বীৰত্বই আমাৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত থকা আমাৰ কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে। আজি আমাৰ চৰকাৰে এই হেৰুওৱা গৌৰৱক পুনৰৰ্জ্জীৱিত কৰি আমাৰ অতীতক সম্মান জনোৱা এক ভৱিষ্যৎ গঢ়ি তোলাৰ অৰ্থে কাম কৰি আছে। অসমে আজি গৌৰৱেৰে দেশৰ বাকী অংশৰ লগতে বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিছে। শক্তিশালী আন্তঃগাঁথনি, উন্নত উদ্যোগ স্থাপন আৰু নতুন সুযোগৰ জৰিয়তে প্ৰতিজন নাগৰিকে এই বিকাশত অংশগ্রহণ কৰাটো আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ। আমাৰ চহকী পৰম্পৰাই আমাক অনুপ্রাণিত কৰে। কিন্তু আমাৰ দৃষ্টিভংগী আধুনিক। আমি এনে এখন ৰাজ্য গঢ়িব বিচাৰিছোঁ যিয়ে ইতিহাসক প্ৰগতিৰ সৈতে মিহলাই সকলোৰে মৰ্যাদা আৰু সমৃদ্ধি সুনিশ্চিত কৰে। জিএছডিপি আৰু অসমৰ অৰ্থনৈতিক বিকাশৰ সম্পৰ্কত ৰাজ্যপাল আচাৰ্যই কয় যে বিগত দশকটোত ৰাজ্যখনে অর্থনৈতিক বিকাশৰ এক স্থিৰ পথেৰে আগবাঢ়িছে। য’ত ৰাজ্যখনে ১২.৬ শতাংশ আকর্ষণীয় যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ লাভ কৰিছে। ২০২২-২৩ বিত্ত বৰ্ষত কৰ ৰাজহ ২৫ শতাংশ আৰু ২৩-২৪ বিত্ত বর্ষত ১৫ শতাংশ বৃদ্ধিৰ ফলত এই ভেটিটো আৰু অধিক শক্তিশালী হৈছে। অধিক পদ্ধতিগত আৰু বহনক্ষম অর্থনৈতিক প্রগতি নিশ্চিত কৰিবলৈ ৰাজ্যখনে এক গুৰুত্বপূৰ্ণ পদ্ধতি ব্যৱহাৰ কৰি প্ৰতিখন জিলাৰ বাবে জিলা ঘৰুৱা উৎপাদিত সামগ্রী (ডিডিপি) প্রাক্‌কলৰ অৰ্থে এক অভিনৱ আৰু অগ্রণী পদক্ষেপ আৰম্ভ কৰিছে। জিলা ঘৰুৱা উৎপাদন প্রাক্কলন আৰু অসমৰ জিলা দৃষ্টিভংগী নথিপত্ৰ প্ৰকল্পৰ অংশ হিচাপে গ্ৰহণ কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য। এই ব্যাপক কাৰ্যব্যৱস্থাৰ ফলাফল ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্রৈমাসিকৰ ভিতৰত উপলব্ধ হ’ব। ৰাজ্যপাল আচাৰ্যই আৰু কয় যে ৰাজ্যৰ আয় বৃদ্ধিয়ে সমগ্ৰ অসমৰ অর্থনৈতিক বিকাশত এক ইতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ সঁহাৰি স্বৰূপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সামগ্রিক নির্দেশনাত কেবিনেট মন্ত্ৰীসকলৰ নেতৃত্বত সকলো বিভাগে ঘনিষ্ঠ সমন্বয়েৰে বৰ্তমানৰ বিকাশৰ হাৰ অটুট ৰখাৰ লগতে ইয়াক আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে কাম কৰি আছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি অসমৰ দায়বদ্ধতা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া হৈছে। ৰাজ্যখনে এছডিজি ইণ্ডিয়া সূচাংকত ‘ফ্রণ্ট ৰানাৰ’ মর্যাদালৈ আগবাঢ়িছে আৰু ৭নং লক্ষ্যত (স্বচ্ছ শক্তি) এশ শতাংশ নম্বৰ লাভ কৰিছে। ভাষণত ৰাজ্যপাল আচাৰ্যই অসম ভাৰতৰ অৰ্ধপৰিবাহী আৰু ঔদ্যোগিক বিপ্লৱৰ নেতৃত্ব বহনকাৰী ৰাজ্য বুলি অভিহিত কৰি কয় যে গুজৰাটৰ সমান্তৰালকৈ ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগৰ এক গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে অসমৰ দ্রুতগতিত উত্থান ঘটিছে। জাগীৰোডত স্থাপন কৰিবলৈ লোৱা ২৭ হাজাৰ কোটি টকাৰ টাটা এটিএমপি প্লান্টো মেক ইন ইণ্ডিয়াৰ অধীনত এক গুৰুত্বপূৰ্ণ বিনিয়োগ, য’ত টাটা ইলেক্ট্রনিক্স লিমিটেডে বিকশিত কৰা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ১,৪৪৪ গৰাকী শ্রমিক আৰু ৯১টা গধুৰ মেচিন ব্যৱহাৰ কৰি এই নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ২০২৫ চনৰ ডিচেম্বৰৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হ’ব, য’ত প্ৰথম অৱস্থাত প্রতিদিনে ১.২ কোটি চিপছ সম্পূর্ণ ক্ষমতাৰ এক চতুর্থাংশ হিচাপে প্রস্তুত কৰা হ’ব। সম্পূর্ণ কার্যক্ষম হ’লে এই উদ্যোগটোরে ১২ হাজাৰ প্ৰত্যক্ষ আৰু ২৫ হাজাৰৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব, যিয়ে অসমক প্রযুক্তিগত আৰু ঔদ্যোগিক বিকাশৰ নতুন যুগলৈ আগুৱাই নিব। অর্ধপৰিবাহী প্ৰকল্পৰ বাহিৰেও ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেডৰ অধীনত এটা অত্যাধুনিক সাৰ উদ্যোগ স্থাপনেৰে অসমৰ ঔদ্যোগিক সম্প্ৰসাৰণ অব্যাহত আছে। এইবাৰৰ কেন্দ্রীয় বাজেটত ঘোষণা কৰা এই সুবিধাই বছৰি ইউৰিয়াৰ উৎপাদন ১২.৭ লাখ টনলৈ বৃদ্ধি কৰিব, যিটো বৰ্তমানৰ ২ লাখ মেট্রিকটনতকৈ যথেষ্ট বেছি। অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি এই উদ্যোগটোৱে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব আৰু ভাৰতৰ কৃষি স্বনিৰ্ভৰশীলতা শক্তিশালী কৰিব। এডভান্টেজ আছাম ২.০ৰ ওপৰত আলোকপাত কৰি ৰাজ্যপাল আচাৰ্যই কয় যে অসম চৰকাৰে চলিত বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজন কৰা এডভান্টেজ আছাম ২.০ অসম আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনে ৰাজ্যখনত উদ্যোগ, চৰকাৰ আৰু চিন্তন গোটৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি ইলেক্ট্রনিক্স, অর্ধপৰিবাহী নৱীকৰণযোগ্য শক্তি, মহাকা, পেট্র’কেমিকেল আৰু এমএছএমইৰ দৰে খণ্ডসমূহৰ নতুন বিনিয়োগৰ সুযোগ অসমে বিশ্বব্যাপী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ  হিচাপে নিজৰ কৌশলগত অৱস্থানৰ সুযোগ ল’ব বিচাৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ নেতৃত্বত হাইপ্ৰ’ফাইল আন্তঃৰাষ্ট্ৰীয় ৰোড শ্ব’ আয়োজনৰ জৰিয়তে অসমে দক্ষিণ কোৰিয়া, জাপান, ইউএই, ব্রিটেইন, থাইলেণ্ড আৰু মালয়েছিয়াৰ সৈতে সম্পর্ক শক্তিশালী কৰি অৰ্ধপৰিবাহী আইটি, উৎপাদন, নৱীকৰণযোগ্য শক্তি আৰু পৰ্যটনৰ ক্ষেত্ৰত উদীয়মান কেন্দ্র হিচাপে নিজকে থিয় দিছে। এডভান্টেজ আছাম ২.০ৰ শীৰ্ষ সন্মিলনত মন্ত্ৰী পৰ্যায়ৰ ছেছন, উদ্যোগ সম্পৰ্কীয় আলোচনা আৰু খণ্ড নির্দিষ্ট ব্রেকআউট ছেছন অনুষ্ঠিত হ’ব। এই সন্মিলনত বাঁহ আৰু বহনক্ষম ফচল, সুগন্ধি আৰু সাৰ উদ্যোগ, এমএছএমই, কৃষক উৎপাদন সংস্থা আৰু মহিলা আত্মসহায়ক গোটৰ ওপৰত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰা হ’ব। ভাষণত ৰাজ্যপাল আচাৰ্যই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা, অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা আৰু নিউয়র্ক টাইমছে ৫২টা গোলকীয় গন্তব্য স্থানৰ ভিতৰত অসমক চতুৰ্থ শীর্ষ স্থান দিয়াৰ প্ৰসংগও উল্লেখ কৰে। ৭২ পৃষ্ঠাৰ সুদীর্ঘ ভাষণত ৰাজ্যপাল আচাৰ্যই ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজৰ ওপৰত আলোকপাত কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰখন জনকল্যাণৰ দিশত কেনেদৰে অগ্ৰসৰ হৈছে সেই বিষয়েও উল্লেখ কৰে। ৰাজ্যপাল আচার্যই সদনত ভাষণ দি থকাৰ মাজতে বিধায়ক অখিল গগৈয়ে বিভিন্ন প্রশ্ন উত্থাপন কৰিব বিচাৰে যদিও বিধানসভাৰ অধ্যক্ষই তেওঁক পৰৱৰ্তী সময়ত যেতিয়া ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনা হ’ব তেতিয়া বক্তব্য ৰাখিবলৈ পৰামৰ্শ দিয়ে। ৰাজ্যপালৰ ভাষণৰ পাছতে ডেৰঘণ্টাৰ বাবে সদন বিৰতি দিয়া হয়। ডেৰঘণ্টাৰ পাছত সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাত মৃত্যু প্ৰসংগ উত্থাপন হয়। সদনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০১৩ আৰু ২০১৪ চনৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা সম্পৰ্কত উত্থাপিত দুর্নীতি আৰু অনিয়ম সম্পর্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগে দিয়া প্রতিবেদন দুখন সদনত দাখিল কৰে। সেইদৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ মজুৰিৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহ উত্থাপন কৰে। তাৰ পাছতে বিধায়ত লৰেঞ্চ ইছলাৰীয়ে অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্রিক উন্নয়নৰ ওপৰত আলোচনা কৰে। বিধায়ক ৰবিৰাম নাৰ্জাৰী, অখিল গগৈ আদিয়েও এই আলোচনাত অংশগ্রহণ কৰে।