কেন্দ্ৰ- শৰ্মিষ্ঠা দেৱী

কেন্দ্ৰ

এটি বৃত্তৰ জন্ম
এটা বিন্দুক কেন্দ্ৰ কৰি ,
বৃত্তৰ পৰিধিত ৰৈ
ঢুকি নাপাঁও
কেন্দ্ৰবিন্দুক
চুই চাব নোৱাৰি –
তাৰ মূলশিপা ।

পৰিধি বাঢ়ি যায় বৃত্তৰ,
সমানে বাঢ়ি যায়
দূৰত্ব –
কেন্দ্ৰ আৰু পৰিধিৰ ।
ব্যাস হোৱা হ’লেও
পাৰ হৈ আহিলোহেতেন,
ব্যাসাৰ্ধও নহয়
যে সেতুঁ সাজিম –
পৰিধিৰ পৰা কেন্দ্ৰলৈ ।
বৃত্তৰ সীমনাত থকা
মই এটা শূন্য,
বৃত্তৰ অৱয়বৰ সৈতে যি পৰিপূৰ্ণ ।।

শৰ্মিষ্ঠা দেৱী
আমোলাপট্টি, গোলোক বৰুৱা পথ