কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি

pc- The Indian Express(images are only for a represtation purpose)

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি

অনলাইন বাৰ্ত্তাসেৱা– জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ যাত্ৰা উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাইজে বিহু আৰু তিৱা নৃত্য-গীতেৰে বিপুল আদৰণি জনোৱাৰ লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জাগীৰোড ৰাইজৰ এই বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি ৰাইজৰ উদ্দেশ্যি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বঞ্চলৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পুবৰ ৰাজ্যৰ লগতে অসমৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে লোৱা ভূমিকাক সদায় স্মৰণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোডী আৰু অসম চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ অসম শাখাৰ নেতৃত্বত তিনিদিনীয়াকৈ হোৱা এই আশীৰ্বাদ যাত্ৰাই জনসাধাৰণ আৰু চৰকাৰখন ওচৰ চপাই নিয়াত সৰ্বোতো প্ৰকাৰে সবায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পাহাৰ-ভৈয়ামৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে বিজেপি চৰকাৰ সদায় ৰাজ্যখনৰ লগতে জাতিটোৰ বাবে অহোপুৰুষাৰ্থে সেৱা আগবঢ়াই যাব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনকো প্ৰশংসাই ওপচাই পেলায়। জাগীৰোড সমষ্টিৰ বিধায়ক তথা পীযুষ হাজৰিকাই দ্বিতীয় দিনা জাগীৰোড সমষ্টিত লোৱা এই আৰ্শীবাদ যাত্ৰাৰ কাৰ্যসূচীৰ শলাগ লোৱাৰ লগতে জাগীৰোডৰ পৰা ধৰমতুলস্থিত বিষ্ণু মন্দিৰলৈকে এই সুদীৰ্ঘ বাটছোৱাত ৰাইজৰ বিপুল সম্বৰ্ধনা তথা অভিবাদন গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৱেগিক হৈ পৰে।

 

(RT)