কৃষক বিদ্ৰোহৰ ইতিবাচক দিশ- কন্দৰ্প কুমাৰ কলিতা

pc-bloombergquint

কৃষক বিদ্ৰোহৰ ইতিবাচক দিশ

—————————————————–

দিল্লীত কৃষক বিদ্ৰোহৰ মাজৰ পৰা ভাহি আহিল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন, যিটো নিদৰ্শনে সাম্প্ৰতিক সময়ৰ সম্প্ৰীতিৰ বাৰ্তা হিচাপে পৰিগণিত হৈছে। হে বিভেদকামী শক্তি তোমলোকৰ ইমানখিনি ক্ষমতা নাই যে, তোমালোকে ভাৰতবাসীৰ একতা আৰু ভাতৃত্ববোধক হত্যা কৰিব পাৰিবা। এই মনোমোহা, ভাল লগা তথা অন্তৰ চুই যোৱা দৃশ্য বা ছবিখনলৈ মন কৰক মুছলিম-অমুছলিম ভাই সকলে কি দৰে একেলগে, একে পাত্ৰত খোৱা খাদ্য প্ৰস্তুত কৰি আছে। যিটো সময়ত একাংশ সাম্প্ৰদায়িক বিভেদকামী শক্তিয়ে আমাক ভাগ ভাগ কৰিবলৈ নানা ষড়যন্ত্র ৰচি আছে তেনে সময়তে দিল্লীত আহি জমা হোৱা বিভিন্ন ৰাজ্যৰ লাখ লাখ বিদ্ৰোহী কৃষকসকলে দেখুৱাই দিলে সমন্বয়ৰ এই অপুৰ্ব নিদৰ্শন। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ন কৰা কৃষি আইন বাতিলৰ দাবীত ‘দিল্লী চলো’ কাৰ্যসূচী হাতত লৈ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদি ৰাজ্যৰ পৰা প্ৰায় তিনি লাখ কৃষকে ৰাজধানী দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ বিদ্ৰোহৰ সূচনা কৰে। কৃষি আইনৰ বিৰোধীতাৰে দিল্লীলৈ বুলি অহা লাখ লাখ পুৰুষ-মহিলা কৃষকসকলে তিনি মাহৰ খাদ্য সামগ্ৰীৰ লগতে নৈশ যাপনৰ বাবেও টেন্ট’লৈ অহা দেখা গৈছে। প্ৰথমাৱস্থাত প্ৰতিবাদী সকলক দিল্লীত প্ৰবেশৰ ক্ষেত্ৰত বাধা দিবলৈ সৰ্ব্বতো প্ৰকাৰে চেষ্টা কৰিছিল যদিওঁ পৰবৰ্তী সময়ত লাখ লাখ প্ৰতিবাদী জনতাৰ ৰুদ্ৰমূৰ্তি দেখি কেন্দ্ৰীয় চৰকাৰ কিছু নমনীয় হবলৈ বাধ্য হয় আৰু কৃষকসকলক প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়ে। প্ৰতিবাদী কৃষক-শ্ৰমিকসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ‘ইন্দিৰা গান্ধী মৈদাম’ত এতিয়ালৈকে লাখৰো অধিক প্ৰতিবাদী কৃষকে উক্ত মৈদামত টেন্ট লগাইছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সদৰি কৰা মতে অহা এসপ্তাহৰ ভিতৰত কৃষকসকলৰ সৈতে আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় চৰকাৰ। আমি আশাবাদী যে’ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে কৃষকসকলৰ মৰ্ম বেদনা উপলব্ধি কৰি তেওঁলোকৰ ন্যায্য দাবীসমূহ মানি ল’ব, কাৰণ কৃষকেই হৈছে ভাৰতৰ মেৰুদণ্ড। কৃষকৰ হাড়ভঙা কষ্টৰ ফলশ্ৰুতিতেই দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী হয়, তেনেস্থলত কৃষকৰ ‘মনকি বাত’ হৃদয়ংগম কৰা উচিত। প্ৰসংগত; আজি যি সকলে ধৰ্ম, জাত-পাতলৈ মিছাতে পানী ঘোলা কৰাত সময় নষ্ট কৰি আছে সিহঁতে অযথা মূল্যবান সময়ৰ অপচয় নকৰি এশএবুৰি সমস্যাৰে জৰ্জৰিত দেশ তথা ৰাজ্যৰ মুল মুল সমস্যাবোৰ সমাধানাৰ্থে আহোপুৰুষাৰ্থ কৰা উচিত তাৰোপৰি জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধানত অধিক গুৰুত্ব প্ৰদান কৰক, এয়াতেই তেওঁলোকৰ মঙ্গল নিহীত হৈ আছে। মনত ৰখা ভাল হ’ব যে, হিন্দু-মুছলমানক ভাগ ভাগ কৰা ইমান সহজসাধ্য নহয়, ওপৰৰ ছবিখন চালেই সেইটো জল জল পট পট’কৈ পৰিপুষ্ট হৈ পৰে। আমাৰ ধৰ্ম বেলেগ হ’ব পাৰে, পিছে আমি এক ঈশ্বৰৰ দাস। আমি একেজন পিতৃ-মাতৃৰ সন্তান। আমাৰ আছে তেজৰ সম্পৰ্ক। আমি পৰস্পৰৰ বংশধৰ, তেনেস্থলত আমাক পৃথিৱীৰ কোনো শক্তিয়েই দুভাগ কৰিব নোৱাৰে।

 

কৃষকৰ আন্দোলনে কি কি শিকালে?

 

১) কেৱল দিনতে নহয়, দিনে নিশাই অবিৰতভাৱে গণতান্ত্ৰিক আন্দোলন কৰিব পাৰি৷

২) দিনটো নাচ-গান কৰি গধূলি ৫ বজাত ঘৰে ঘৰে সোমাই দিয়া মানে পৰোক্ষভাৱে চৰকাৰক সহযোগ কৰা৷

৩) চৰকাৰৰ সৈতে আলোচনা হ’ব, চাহমেল, ভোজমেল ইত্যাদি নহ’ব৷ সেয়া হ’লে কিছুক্ষেত্ৰত তৈলমৰ্দন কৰা হ’ব৷

৪) কেৱল বিধেয়ক নহয়, আইনৰ বিৰোধীতা কৰিও নিৰৱচ্ছিন্ন আন্দোলন চলাব পাৰি৷

৫) আন্দোলন মানে কেৱল খন মঞ্চ, কেইটামান মাইক, দুখন বেনাৰ নহয়৷ অবিৰত আন্দোলনৰ স্বাৰ্থত প্ৰতিবাদকাৰীৰ সুবিধাৰ বাবে খাদ্যৰ ব্যৱস্থাও কৰি ল’ব লাগিব, এইটো অতি ‘প্ৰেক্টিকেল’ বিষয়৷

১৯৮৮ চনতো দিল্লীত কৃষকৰ বৃহৎ আন্দোলন চলিছিল৷ নেতৃত্ব দিছিল মহেন্দ্ৰ সিং টিকাইটে৷ চৰকাৰে কৃষকৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল৷

ইতিহাসেও কয়, কৃষক যেতিয়া দিল্লীলৈ গৈছে, খালী হাতে কোনোবাৰে উভতি অহা নাই আৰু হয়তো নাহে।

————————————————————————

কন্দৰ্প কুমাৰ কলিতা