কৃত্ৰিম বান অকৃত্ৰিম মানৱৰ দান-সুশান্ত দাস

PC-Times of India

কৃত্ৰিম বান অকৃত্ৰিম মানৱৰ দান (!)

বৰ্তমান সমগ্ৰ অসমত বানৰ বিভীষিকা (!) এই বিভীষিকাময় পৰিস্থিতিত মানুহৰ নাজল-নাথল অৱস্থা হৈছে। গাওঁ অঞ্চলত হোৱা বানে সমগ্ৰ অসমকে সন্ত্ৰষ্ট কৰিছে। কিন্তু নগৰ অঞ্চলৰ বানৰ ক্ষেত্ৰত কি ক’ম (?) নগৰ অঞ্চলত বান হোৱাটো প্ৰায় শুনি আহিছোঁ। ইয়াৰ আঁৰৰ ৰহস্য বিছাৰিলে আমি আমাৰেই অকৃতকাৰ্যতা দেখিবলৈ পাওঁ। আমি অতৰ্কিতে পেলোৱা জাৱৰ-জোথৰৰ কথা ক’ব পাৰি। নিতৌ ন ন প্ৰযুক্তিৰ উদ্ভাৱনত প্লাষ্টিক জাতীয় সামগ্ৰী দৈনন্দিনভাৱে দম দম কৰি পেলোৱাৰ ফলত নলা-নৰ্দমাবোৰত জাবৰেৰে ঠাহ খাই পৰিছে। যাৰ ফলস্বৰূপে এজাক ডাঙৰ বৰষুণ দিলেই নলাবোৰত পানী আগবাঢ়ি যাব নোৱাৰা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰে। বৰ্তমান সামাজিক মাধ্যমত আকৌ এচামে সেই বানৰ তথ্যচিত্ৰ খুহুতীয়া গানৰ তালত প্ৰচাৰ কৰি অকৃত্ৰিম মানৱৰ যন্ত্ৰৱৎ অৱস্থা আৰু নিজৰ প্ৰমাদবোৰৰ স্বৰূপ দাঙি ধৰিছে।
আই প্ৰকৃতি আজি বৰকৈয়ে ৰুষ্ট (!) নহ’বনো কিয় (?) নিজ পুত্ৰ-পুত্ৰীৰ দ্বাৰাই যেতিয়া ৰুগীয়া হৈ পৰিছে। কেতিয়া বুজিব এই ৰুগ্ন পৃথিৱীৰ হৃদয়বিদাৰক গাঁথা জীৱশ্ৰেষ্ঠ মানৱে। বৰ্তমান প্ৰেক্ষাপটত মহানগৰী গুৱাহাটীত কৃত্ৰিম বানে বিৰূপ প্ৰভাৱ দেখাইছে। বহুতো ৰাইজ সচেতন যদিও বহু দায়িত্বহীন , অসচেতন। যান্ত্ৰিক জীৱনৰ আনন্দ লোৱাত ব্যতিব্যস্ত হোৱাৰ বাবে প্ৰকৃতিৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন নকৰে। লাখ লাখ টন প্লাষ্টিক দিনে দিনে, বছৰে বছৰে ব্যৱহাৰ হৈ আহিছে হ’লেও ৰাইজে বুজিব নুবুজাৰ ভাও কৰি প্লাষ্টিকবোৰৰ ব্যৱহাৰ এৰাই চলা নাই। ই কম দামী বাবে ইয়াক সকলোৱে আদৰি লৈছে কিন্তু এই কম দামী প্লাষ্টিকে মানুহৰ বহুমূলীয়া জীৱন নিমিষতে শেষ কৰি দিবলৈ পাশুপাত অস্ত্ৰ হ’বলৈ গৈ আছে। কৃত্ৰিম বানৰ এটা প্ৰধান কাৰণ এই অনিয়মিতভাৱে প্লাষ্টিক ব্যৱহাৰ। এইবোৰ নলীত জমা হৈ লাগি ধৰে আৰু পানীৰ চলাচলত অসুবিধা প্ৰদান কৰে যাৰ ফলত বৰষুণ দিলেই দুৰ্গন্ধযুক্ত গেলা পানীবোৰ গোটেই মহানগৰীত উপচি পৰে আৰু উপায়হীন হৈ মানুহেও ইয়াৰ ওপৰেদি খোজ কাঢ়ি জীৱন যুঁজৰ বাবে ওলায় যায়। মানৱ সমাজ সচেতন নহ’লে কোন সচেতন হ’ব (?) কোনে জাতিৰ ভৱিষ্যৎ ৰক্ষা কৰিব (?) এতিয়া অদৃষ্টৰ ওপৰত আস্থা ৰাখি হাতত হাতত থৈ বহি থাকিলে নহ’ব , হাতে-কামে সকলো লাগিব লাগিব। আমি যিমান পাৰো প্লাষ্টিক ব্যৱহাৰ কমাব লাগিব। কৃত্ৰিম বানে এতিয়াৰ ৰূপতকৈ আৰু বিৰূপ ক্ৰিয়া প্ৰকাশ কৰিব পাৰে যদিহে সমাজ সচেতন নহয় (!) আমি আমাৰ দেশৰ কংক্ৰীট অৰণ্যত বাস কৰো যদিও আমি মনত পেলাব লাগিব আমি আদিমত এই প্ৰকৃতিৰ ছায়াঁত বাস কৰিছিলোঁ।এই প্ৰকৃতিক আমি আকৌ আগৰ দৰে মনোমোহা কৰি তুলিব লাগিব। কৃত্ৰিম বানে গাঁৱৰ বানৰ দৰে ৰূপ ল’বও পাৰে, ই গোটেই চহৰখনক আধালৈকে ডুব যোৱাব পাৰে। আকৌ এফালে চালে , গেলা মেদযুক্ত পানীবোৰত অনবৰতে থাকিব লগা হ’লে অস্বস্তিকৰ পৰিৱেশ গঢ়ি উঠিব যিয়ে মানৱৰ অস্তিত্ব ম্লান কৰি দিব পাৰে আৰু তেতিয়া আমি হয়তো অনুভৱ কৰিম “ কৃত্ৰিম বান আমি অকৃত্ৰিম মানৱৰ দান (!) ”। সেইবাবে আমি সজাগ হ’ব লাগিব ; আমিয়েই হ’ব লাগিব ৰাজ্য, দেশ আৰু গোটেই বিশ্বৰ অতন্দ্ৰ প্রহৰী।।

সুশান্ত দাস, শিৱসাগৰ